ETV Bharat / state

এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা

author img

By

Published : Jul 22, 2021, 2:30 PM IST

20 জন কেডাৰসহ ওদালগুৰি জিলাত উপস্থিত এম বাথা ৷ বিদ্ৰোহী সংগঠন এন এল এফ বি (NLFB)ৰ নেতা গৰাকীয়ে আত্মসমৰ্পণ কৰিব আৰক্ষীৰ ওচৰত ৷

M batha surrender
মূল সূঁতিলৈ এম বাথা : উৎফুল্লিত পত্নী-কন্যা

চিৰাং, 22 জুলাই : বিদ্ৰোহী সংগঠন এন এল এফ বি (NLFB)ৰ নেতা এম বাথাৰ ঘৰত বৃহস্পতিবাৰে আনন্দময় পৰিবেশে বিৰাজ কৰিছে ৷ এম বাথা (M Batha)ৰে সতীৰ্থসকলৰ সৈতে আত্মসমৰ্পণ কৰাৰ বাতৰি লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে পত্নী, কন্যাৰ লগতে আত্মীয় স্বজন ৷ উল্লেখ্য যে, বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (National Liberation Front of Boroland)ৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে কেডাৰসকলৰ সৈতে ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত হৈ মাজবাটত অসম আৰক্ষী (Assam Police)ৰ ওচৰত আত্মসমৰ্পণ কৰিব । ইতিমধ্যে এম বাথা 20 জন কেডাৰসহ ওদালগুৰি জিলাত উপস্থিত হৈছে ৷

এম বাথাৰ প্ৰকৃত নাম বিনোদ মুচাহাৰী (৪৫) ৷ ঘৰত মতা নাম বিবান । কোকৰাঝাৰ জিলাৰ ডাউলাবাৰীৰ বাসিন্দা তথা বাথাৰ পিতৃ থৰেন মুচাহাৰী তেওঁ সৰু থাকোতেই মৃত্যু হোৱাত মাতৃ টিমপ্ৰি মুচাহাৰীয়ে ঢেকিয়াজুলিত দ্বিতীয় বিবাহত আৱদ্ধ হয় ।

বাথা ৫ জন ককাই ভাই আৰু দুজনী বাই ভনীৰ মাজৰ তৃতীয় সন্তান । বাথাৰ দুজন ভাতৃ ভাৰতীয় সেনাত কৰ্মৰত । বাথাই ১৯৯৬ চনত এনডিএফবিত যোগদান কৰে ।

এন ডি এফ বি (NDFB)ত থকা সময়তেই ২০০৩ চনত বাথাই চিৰাঙৰ আমটেকাৰ বৰপথাৰৰ অঞ্জিতা মুচাহাৰীৰ সৈতে ভূটানত বিবাহত আৱদ্ধ হয় । তাৰ পিচতে তিনিজনী জীয়ৰীৰ পিতৃ হয় বাথা । তেওঁৰ প্ৰথমগৰাকী জীয়ৰী বিবুংথি মুচাহাৰী (১৭) কোকৰাঝাৰ এননচ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী । দ্বিতীয় জীয়াৰী চামেলি মুচাহাৰী (১২) নৱম শ্ৰেণীৰ ছাত্ৰী আৰু তৃতীয় সন্তান লিলিছা মুচাহাৰী (৯) তৃতীয় শ্ৰেণীত অধ্যয়ন কৰি আছে ৷

বি টি আৰৰ চুক্তিৰ পাচত এন এল এফ বি নেতাগৰাকী ঘৰলৈ আহি পৰিয়ালৰ সৈতে এবছৰ আছিল । বাথাৰ পত্নী অঞ্জিতা মুচাহাৰীয়ে সদৰি কৰা অনুসৰি বাথাৰ আন কোনো পত্নী নাই । চলিত বৰ্ষৰ ৩ জানুৱাৰীত বাথাৰ নামত গ্ৰেপ্তাৰী জাননী জাৰী হোৱাৰ পাচত ৪ জানুৱাৰীৰ পৰাই তেওঁ আত্মগোপন কৰি আছিল ৷ ইয়াৰ পাছতেই তেওঁ এন এল এফ বি গঠন কৰে ।

এন এল এফ বি গঠনৰ পাছৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই বাথাৰ । বাথাৰ ঘৰত শাহুৱেক আন্দোৰি মুচাহাৰী আৰু পত্নীৰ এজন ভাতৃ থাকে । তেওঁলোকৰ ৯ বিঘা মাটিত তামোলৰ বাৰী আছে আৰু তাৰেই পৰিয়াল পোহপাল দিয়াৰ কথা বাথাৰ পত্নী অঞ্জিতা মুচাহাৰীয়ে জানিবলৈ দিয়ে ।

বাথাৰ নামত গ্ৰেপ্তাৰৰ জাননী জাৰী হোৱাৰ পিচত ছাউৰাইগ্ৰা, বি আৰ ফেৰেংগা তথা বি টি আৰৰ আন কোনো লোকে পৰিয়ালটোৰ খবৰ লোৱা নাই বুলি জানিবলৈ দিয়ে পৰিয়ালটোৰ বুলিও জনায় অঞ্জিতা মুচাহাৰীয়ে ৷ আজি ছ’চিয়েল মিডিয়াত এম বাথা মূল সূঁতিলৈ অহাৰ কথা জানিব পাৰি পত্নী অঞ্জিতা মুচাহাৰী আৰু কন্যা উৎফুল্লিত হৈ পৰে । লগতে স্বামী সুকলমে ঘৰ আহি পোৱা কামনা কৰে পত্নী অঞ্জিতা মুচাহাৰীয়ে ৷

লগতে পঢ়ক : আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.