চিৰাং,19জুলাইঃ ৰাজ্যত ভয়াৱহভাবে বৃদ্ধি পাবলৈ ধৰিছে কৰ‘ণাত আক্ৰান্তৰ সংখ্যা ৷ তাৰ মাজতে চিৰাঙত দেওবাৰে পুনৰ 9 গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে ।

চিৰাং জিলা স্বাস্থ্য বিভাগে জনায় যে এতিয়া জিলাখনত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা ১১৮ গৰাকীলৈ বৃদ্ধি পালে । ইয়াৰে ৯৫ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু বৰ্তমান ২৩ গৰাকী চিকিৎসাধীন হৈ আছে ।

ইপিনে দেওবাৰে কোভিড-19 আক্ৰান্ত সকল ক্ৰমে জিলাখনৰ বিজনী ভূটাগাঁও চিকিৎসালয়ৰ চিকিৎসক ডাঃ শ্যামল বসুমতাৰীৰ পত্নী মালবিকা বাগ্লাৰী,চিকিৎসালয়ৰ চাফাই কৰ্মী শংকৰ বাছফৰ,বিজনীৰ অমিত সাহা (পেচাত বঙাইগাঁও নিউ মোবাইল শ্বপৰ কৰ্মচাৰী),১নং কাৱাদীৰ শুকুৰ আলী,ঢালিগাঁও ডি আই জি (চিআৰপি)কাৰ্যালয়ৰ সত্যদেৱ সিংহ,বঙাইগাঁও শোধনাগাৰ টাউনশ্বিপৰ ৰাজকুমাৰ,চিআৰপিএফৰ দুজন ক্ৰমে এমডি মাৰুফ আৰু কানহাইয়া সিংহ,ডাংতল শিমলাগুৰীৰ নাৰায়ন অধিকাৰী বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে আটাইকেইজনকে জিলা স্বাস্থ্য বিভাগে আনি চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ একাংশ সংবাদ গোষ্ঠীয়ে চৰকাৰৰ হকে কথা কয়ঃ নন্দিতা দাস