ETV Bharat / state

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে চিৰাঙত চাইকেল ৰেলীৰ আয়োজন

author img

By

Published : Jan 25, 2021, 7:23 PM IST

ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন । ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ কাজলগাঁও আৰু বিজনীত পৃথকে পৃথকে সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন ।

চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

চিৰাং, ২৫ জানুৱাৰী: ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ চিৰাঙতো সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় । ন-ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু আন ভোটাৰসকলৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চিৰাঙৰ কাজলগাঁও আৰু বিজনীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে পৃথকে পৃথকে সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয় ।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে চিৰাঙত চাইকেল ৰেলীৰ আয়োজন
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে চিৰাঙত চাইকেল ৰেলীৰ আয়োজন

আনহাতে, বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখন সভা । নতুন ভোটাৰসকলক একোখনকৈ ভোটাৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয় । অনুষ্ঠানত একাংশ যুৱক-যুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে । অনুষ্ঠানটিত উপস্থিত থাকে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসৰ লগতে বিজনী মহকুমাৰ নিৰ্বাচনী বিষয়া মৌচম প্ৰতীম বড়া, বিজনী মহাবিদ্যালয়ৰ অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীসকল ।

চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ন-ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাত অৰিহণা যোগাবলৈও আহ্বান জনায় মহকুমাধিপতিগৰাকীয়ে ।

চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
চিৰাঙত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
লগতে পঢ়ক:বৰপেটাত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.