ETV Bharat / state

চিৰাঙৰ নাবালিকা ধৰ্ষণ কাণ্ডঃ অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী - পাঁচ দিন পাচতো অপৰাধীক গ্ৰেপ্তাৰৰ কৰিবলৈ অসমৰ্থ

চিৰাঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পাচতো অপৰাধীক গ্ৰেপ্তাৰৰ কৰিবলৈ অসমৰ্থ হোৱাত আৰক্ষীৰ এই ব্যৰ্থতাক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

চিৰাঙৰ নাবালিকা ধৰ্ষন কাণ্ডৰ পাঁচ দিন পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী
author img

By

Published : Aug 20, 2019, 3:14 PM IST

চিৰাং, 20 আগষ্ট : চিৰাঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ পাঁচ দিন উকলি যোৱাৰ পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী । যোৱা ১৫ আগষ্ট দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সন্ধিয়া এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ভাৱে ঘৰৰ ওচৰৰ পৰা উঠাই আনি চিৰাং জিলা সদৰ কাজলগাঁৱৰ নিকটৱৰ্তী ঢালিগাঁৱৰ বৰতালোৱাত ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ ওপৰত এখন বলেৰ' গাড়ীৰ ভিতৰত নাবালিকাক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছিল । । ইতিমধ্যে এই লজ্জাজনক ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পিচতো আৰক্ষীয়ে এই জঘন্য ঘটনাৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীৰ এই ব্যৰ্থতাক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত বিষয়টো লৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিচমুতিয়াৰী, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ চমুকৈ আবৌফৰ চিৰাং জিলা সমিতিৰ সভানেত্ৰী প্ৰভাদেৱী ব্ৰহ্ম সহ এক সজাতি দলে আজি চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰক সাক্ষাৎ কৰি অতিশীঘ্ৰেই দোষীক শাস্তিৰ দাবী উত্থাপণ কৰে ।

চিৰাঙৰ নাবালিকা ধৰ্ষন কাণ্ডৰ পাঁচ দিন পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী

উল্লেখযোগ্য যে প্ৰাপ্ত তথ্য মতে ধৰ্ষণ কাণ্ডৰ লগত জড়িত অপৰাধী দুজন বৰ্তমান পলাতক অৱস্থাত যদিও আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে ধৰ্ষণকাণ্ডত ব্যৱহৃত বলেৰ' গাড়ীখনো উদ্ধাৰ কৰিছে ৷

Intro:চিৰাঙৰ নাবালিকা ধৰ্ষন কাণ্ড, পাঁচদিন পিচতো অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ আৰক্ষী । দল সংগঠনৰ প্ৰতিক্ৰিয়া ।

Body:চিৰাঙৰ নাবালিকা ধৰ্ষনৰ আজি পাঁচ দিন পিচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যাৰ্থ আৰক্ষী । যোৱা ১৫ আগষ্ট দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সন্ধীয়া এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নাবালিকাক বলপূৰ্বক ভাৱে ঘৰৰ ওচৰৰ পৰা উঠাই আনি চিৰাং জিলা সদৰ কাজলগাঁওৰ নিকটৱৰ্তি ঢালিগাঁওৰ বৰতালোৱাত  ৩১ নং (গ)  ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ ওপৰত বগা ৰঙৰ বোলেৰ' গাড়ীৰ ভিতৰত আবদ্ধ কৰি নাবালিকাক বলপুৰ্ব্বক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত কৰিছিল । ইতিমধ্যে এই লজ্জ্যাজনক ঘটনাৰ চাৰিদিন পিচতো আৰক্ষীয়ে এই জঘন্য ঘটনাৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীৰ এই ব্যৰ্থতাক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দল সংগঠনৰ মাজত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এগৰাকী নিষ্পাপ নাবালিকাক বলপূৰ্বক ভাবে ঘৰৰ পৰা উঠাই আনি ৰাষ্ট্ৰীয় ঘাইপথ ত দলবদ্ধ ধৰ্ষণ আৰু অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হোৱা বিষয়টো লৈ কোকৰাঝাৰ লোকসভা সমষ্টি প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিচমুতিয়াৰী, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ চমুকৈ আবৌফৰ চিৰাং জিলা সমিতিৰ সভানেত্ৰী প্ৰভাদেবী ব্ৰহ্ম সহ এক সজাতি দলে আজি চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰক সাক্ষাৎ কৰি অতিশীঘ্ৰেই দোষীক শাস্থীৰ দাবী জনায়। জিলা উপায়ুক্তক সাক্ষাৎ কৰি উক্ত সজাতি দলটিয়ে সাংবাদিকক জানিবলৈ দিয়ে যে উক্ত ধৰ্ষণ ঘটনাৰ সৈতে জড়িত অপৰাধী দুজন পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হৈছে, তদুপৰি ধৰ্ষণকাণ্ডত ব্যৱহৃত বোলেৰ' গাড়ী খনো উদ্ধাৰ কৰিছে । খুব কম সময়ৰ ভিতৰতে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি উপায়ুক্ত জনে সজাতি দলক আশ্বাস প্ৰদান কৰিছে । উপায়ুক্তক সাক্ষাৎ কৰি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয় যে এনে ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰা পাষণ্ড জনক যিমান সোনকালে পাৰি আটক কৰিব লাগে আৰু ফাচীৰ দৰে দৃষ্টান্ত মুলক শাস্থী প্ৰদানৰ দাবী জনায়, এনেধৰণৰ অপৰাধী সমাজত থাকিলে সমাজ খনকে কলুষিত কৰে, এই বিলাকৰ দ্বাৰাই সমাজৰ মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰে যি এটা সময়ত অনাকাঙ্ক্ষিত ভাৱে গোষ্ঠীগত সংঘৰ্ষৰ সুত্ৰপাত কৰে । গতিকে এনেধৰণৰ লম্পটক ৰাজহুৱা ভাৱে ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে নেতা জনে ।

বাইট : ১। ছানছুমা খুংগুৰ বিছমুতিয়াৰী , কোকৰাঝাৰ লোকসভা সমষ্টীৰ প্ৰাক্তন সাংসদ ।
২। দাওৰাও দেখ্ৰেব নাৰ্জাৰী,সভাপতি,বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ।
৩। প্ৰভাদেবী ব্ৰহ্ম,সভানেত্ৰী চিৰাং জিলা আবৌফ ।

Conclusion:ইপিনে আবৌফ,নিখিল বড়ো ছাত্ৰ সন্থাই নাবালিকা ধৰ্ষনকাৰীক গ্ৰেপ্তাৰৰ দাবীত দুই এদিনতে আন্দোলন কাৰ্য্যসুচি ৰূপায়নৰ হুংকাৰ দিছে । বিশেষ সুত্ৰে জানিব পৰা মতে ধৰ্ষনকাৰীক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে যদিও পলাতক অৱস্থাত থকা ধৰ্ষনকাৰীক বিচাৰি ঢালিগাঁও থানা আৰক্ষীয়ে ধৰ্ষকৰ পৰিয়ালক হেচা প্ৰয়োগ কৰিছে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.