ETV Bharat / state

চিকিৎসা কৰ্মীক আক্ৰমণ কৰি নিলম্বিত আৰক্ষী বিষয়া

author img

By

Published : May 26, 2020, 4:02 PM IST

চিৰাঙত চিকিৎসকক আক্ৰমণ আৰক্ষীৰ ৷ চিকিৎসক তথা স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰচন্দ্ৰ দলেক তৎকালীনভাৱে নিলম্বন কৰে জিলাখনৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে । আৰক্ষী বিষয়াজনক উপযুক্ত শাস্তি প্ৰদানৰ দাবী সচেতন মহলৰ ৷

চিৰাঙত চিকিৎসা কৰ্মীক আক্ৰমণ কৰি নিলম্বিত আৰক্ষী বিষয়া

চিৰাং. 26 মে’: চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সোমবাৰে এক নিৰ্দেশযোগে জিলাখনৰ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (উপ-পৰিদৰ্শক) সুৰচন্দ্ৰ দলেক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰে । উল্লেখ্য যে, আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰচন্দ্ৰ দলে জিলাখনৰ আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ মাধুৰ্য কাকতি সহ গাণনিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বড়োক অপদস্থ কৰাৰ লগতে শাৰিৰীকভাৱে প্ৰহাৰ কৰা ঘটনাই চিৰাং জিলাৰ লগতে ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে ।

এই পৰিপ্ৰেক্ষিতত দোষী আৰক্ষী বিষয়াক শাস্তিৰ দাবীত চিৰাং জিলাৰ চিকিৎসকসকলৰ এক সঁজাতি দলে জিলা উপায়ুক্ত গৌতম তালুকদাৰ আৰু জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙক সাক্ষাৎ কৰি এখন স্মাৰক প্ৰদান কৰে । ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ বিষয়া আৰু কৰ্মীক কৰা দুঃব্যৱহাৰৰ অভিযোগৰ ভিত্তিত চিৰাং জিলাৰ আৰক্ষী অধীক্ষকে নিৰ্দেশনা অনুসৰি আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেচন্দ্ৰ দলেক নিলম্বন কৰি কাজলগাঁও আৰক্ষী চাউনিলৈ যোৱাৰ নিৰ্দেশ দিয়ে ৷

ইয়াৰোপৰি, আমগুৰি থানাৰ অন্তৰ্গত কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোধ চৌধুৰীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই । কিয়নো দুঃব্যৱহাৰ কৰাৰ সময়ত ভাৰপ্ৰাপ্ত বিষয়া বিনোধ চৌধুৰীও জড়িত আছিল বুলি জানিব পৰা গৈছে । চিকিৎসাকৰ্মীক কৰা এনে দুঃব্যৱহাৰৰ ঘটনাক লৈ সৰৱ হৈ পৰে চিৰাং জিলাৰ বিভিন্ন দল-সংগঠন । আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বিত কৰা হয় যদিও উপযুক্ত শাস্তিৰ দাবী জনায় সচেতন মহলে ।

আনহাতে এই ঘটনাৰ পিচতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক গোটে অহাকালি অৰ্থাৎ 27 মে'ত এই ঘটনাৰ প্ৰতিবাদত ক'লা দিৱস হিচাপে প্ৰতিবাদ সাব্যস্ত কৰিব ৷

লগতে পঢ়ক: পুনৰ আৰম্ভ হল বিমানসেৱাঃ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.