ETV Bharat / state

ৰুনিখাতাত বিপিএফ-ইউপিপিএলৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত

author img

By

Published : Aug 4, 2021, 2:24 PM IST

চিৰাঙৰ ৰুনিখাতাত বিপিএফ-ইউপিপিএলৰ ভূমি বেদখলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিবাদ । বিপিএফৰ কাৰ্যালয়ৰ ভূমি দখল কৰিলে ইউপিপিএলে ।

Chirang Land occupaing controversy BPF Vs UPPL
বিপিএফ-ইউপিপিএলৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত

চিৰাং, 4 আগষ্ট : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা বজাৰত ভূমি বেদখলক কেন্দ্ৰ কৰি মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বিপিএফ দলে চৰকাৰী ভূমি অধিগ্ৰহণ কৰা বুলি অভিযোগ ইউপিপিএলৰ সমৰ্থকৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি ৰুনিখাতা অঞ্চলত বিৰাজ কৰে তীব্ৰ উত্তেজনাই ।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুনিখাতা বজাৰত দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত হৈ থকা বিএচএনএলৰ অফিচ চৌহদত সোমবাৰে নিশা বিপিএফে চিৰাং দুৱাৰ ব্লক কাৰ্যালয়ৰ চাইনবোৰ্ড আঁৰি দিয়ে । তাৰ পিছতে সোমবাৰে পুৱাৰ ভাগত ইউপিপিএলৰ শতাধিক সমৰ্থক তথা ৰাইজে বিপিএফ দলে এই ভূমি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি ওলাই আহে ।

ৰাজহুৱা সম্পতি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ ৰাইজে আৰক্ষীৰ সন্মুখতে প্ৰৱেশদ্বাৰৰ তলা ভাঙি প্ৰৱেশ কৰে উক্ত স্থানত ৷

ৰুনিখাতাত বিপিএফ-ইউপিপিএলৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতৰুনিখাতাত বিপিএফ-ইউপিপিএলৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত

আনকি বিপিএফ দলৰ চাইনবোৰ্ড আঁতৰাই ৰাইজে নতুনকৈ আঁৰি দিয়ে ৰুনিখাতা ডাকঘৰৰ বেনাৰ । সোমবাৰে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বিপিএফ দলে আয়োজন কৰে এক সংবাদমেল ৷ বিপিএফে উল্লেখ কৰা অনুসৰি, ভূমিক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া প্ৰকৃততে বিপিএফে বেদখল কৰা নাই ৷ বৰঞ্চ ৰাইজৰ নাম লৈ বিটিচিৰ শাসকীয় ইউপিপিএল দলে এবছুৰ সহযোগত বিপিএফৰ ভূমি বেদখল কৰিছে ।

এই ভূমিঠোখৰ ২০১৯ চনতে তদানীন্তন বিটিচি চৰকাৰে চিৰাং দুৱাৰ ব্ল'ক বিপিএফ দলৰ কাৰ্যালয়ৰ বাবে আবন্টন দিছিলে বুলি প্ৰকাশ কৰে বিপিএফ নেতৃত্বই । সেই বিতৰ্কিত ভূমি ডোখৰ বিপিএফ দলৰ বুলি দাবী কৰি তাৰ বৈধ নথিপত্ৰ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে বিপিএফ নেতৃত্বই ।

লগতে পঢ়ক: অসমত আৰম্ভ হ'ব ভিষ্টাড'ম ৰে’ল সেৱা

তেওঁলোকে অভিযোগ কৰা অনুসৰি, বিটিচিৰ শাসনত থকা বাবেই ইউপিপিএলে ক্ষমতাৰ অপব্যৱহাৰ কৰি বিপিএফ কাৰ্যালয়ৰ ভূমি দখলৰ চেষ্টা চলাইছে । বিপিএফ নেতৃত্বই সংবাদমেলত জনায় যে, অনাগত সময়ত ইউপিপিএল দলে যদি এই ভূমি বেদখল মুক্ত নকৰে, তেনেহ'লে বাধ্য হৈ আইনৰ দ্বাৰস্থ হ’ব বুলি সকিয়নী প্ৰদান কৰে বিপিএফ নেতৃত্বই ।

আনহাতে, এই সন্দৰ্ভত ইউ পি পি এলৰ অভিযোগ চৰকাৰী ভূমি ডোখৰত ২০০৫ চনত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ তৰফৰ পৰা BSNL টাৱাৰ স্থাপনৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত BSNL কতৃপক্ষই সকলো সা-সামগ্ৰী খুলি লৈ গুচি যায় ৷ কিন্তু ভূমি ডোখৰ তেনেকৈ পৰিত্যক্ত হৈ পৰি থাকে । কিন্তু তদানীন্তন বিটিচিৰ শাসকীয় দল হিচাপে বিপিএফে ক্ষমতাৰ অপব্যৱহাৰ কৰি এই ৰাজহুৱা ভূমি তেওঁলোকৰ নামত আবন্টিত কৰি লৈছে ।

কিন্তু চিদলী ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ মেপত বিপিএফ দলৰ নামত আবন্টিত হোৱাৰ কোনো তথ্য নাই বুলি দাবী কৰে ইউপিপিল নেতৃত্বই । মুঠতে চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুনিখাতা বজাৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি বিপিএফ আৰু ইউপিপিএল দল সমুখ সমৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত দুয়ো পক্ষই ইতিমধ্যে ৰুণীখাতা থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক: ধলাইত আবদ্ধ কৰি ৰখা হ’ল লাইলাপুৰলৈ যোৱা আছুৰ সজাতি দলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.