ETV Bharat / state

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ প্ৰতিক্ৰিয়া কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ - কমতাপুৰক সম্পূৰ্ণ ৰাজ‍্যৰ মৰ্যদা

সংবাদ মেলত বিভাজনৰ ৰাজনীত অভিযোগ চৰকাৰৰ বিৰুদ্ধে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ ৷ কমতাপুৰী ভাষাটোক ৰাজ‍্যিক ভাষাৰ মৰ্য‍াদা প্ৰদানৰ দাবী ৷

Chirang Kamatapur progressive party
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ প্ৰতিক্ৰীয়া কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ
author img

By

Published : Sep 5, 2020, 5:30 PM IST

চিৰাঙ,5 ছেপ্তেম্বৰঃ শনিবাৰে চিৰাং জিলাৰ বৰতালোৱাত আয়োজিত এক সংবাদ মেলত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ সভাপতি প্ৰদিপ কুমাৰ ৰায়ে কয় যে, কমতাপুৰ আন্দোলনক বিভাজন কৰাৰ উদ্দেশ‍্যে এই স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰিছে । আমি কমতাপুৰ আন্দোলনক অসম চৰকাৰে মান‍্যতা প্ৰদান কৰাৰ বাবে অসম চৰকাৰক ধন‍্যবাদ জনাইছোঁ। কিন্তু যেতিয়ালৈকে কমতাপুৰক সম্পূৰ্ণ ৰাজ‍্যৰ মৰ্যদা প্ৰদান নকৰে তেতিয়ালৈকে আন্দোলন চলাই যাব বুলি উল্লেখ কৰে ৷ ১৯৬৭ চনৰে পৰা জনজাতীয় কৰণৰ বাবে আন্দোলন কৰি আহিছে কোচ ৰাজবংশীৰ লোক সকলে । কিন্তু চৰকাৰে জনজাতীকৰণ নকৰি ক্ষুদ্ৰ স্বায়ত্বশাসিত পৰিষদ দিয়েই দায়িত্ব সামৰিছে । ইয়াৰ দ্বাৰা তেঁওলোকৰ মাজত চৰকাৰে বিভাজন আনিব বিচাৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ প্ৰতিক্ৰীয়া কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ

আনহাতে একেখন সংবাদমেলতে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে মন্তব্য প্ৰকাশ কৰে যে, এই স্বায়ত্ব শাসিত পৰিষদত কি আছে আমি নাজানো । জনজাতীকৰণ নোহোৱাকৈ স্বায়ত্ব শাসিত পৰিষদ প্ৰদানেৰে চৰকাৰে কি কৰিব বিচাৰিছে সেয়া এতিয়াও আমাৰ বোধগম‍্য হোৱা নাই । লগতে দলটোৰ নেতৃত্বই কমতাপুৰী ভাষাটোক ৰাজ‍্যিক ভাষাৰ মৰ্য‍াদা প্ৰদানৰ দাবী জনায় অসম চৰকাৰৰ ওচৰত‌ । সংবাদ মেলত দলটোৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়, সম্পাদক নিৰ্মল কুমাৰ ৰায়, চিৰাং জিলাৰ উপ সভাপতি ভিমসেন বৰ্মন সহ বহুকেইজন নেতা কৰ্মি উপস্থিত থাকে ।

লগতে পঢ়কঃ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.