ETV Bharat / state

ৰাজ্যপালৰ নিৰ্দেশ অমান্য কৰি অব্যাহত শিল-বালিৰ খনন

author img

By

Published : Jun 10, 2020, 2:46 PM IST

বিটিচিত অব্যাহত থকা ৰাজ্যপালৰ শাসনক ভেঙুচালি প্ৰদৰ্শন কৰি চিৰাঙত অবৈধভাৱে সংগ্ৰহ কৰা হৈছে শিল-বালি । বিভাগীয় নিষেধাজ্ঞা থকাৰ পিছতো নদীৰ পৰা অবৈধ মহলসমূহে সম্প্ৰতি ব্যস্ত হৈ পৰা দেখা গৈছে শিল-বালি সংগ্ৰহ কৰা ৷ চকুমুদা কুলিৰ ভূমিকা গ্ৰহণ বন বিভাগৰ ।

Chirang illegal Sand gravel collection assam etv bharat news
শিল-বালি খনন

চিৰাং, 10 জুন: ৰাজ্যপালৰ শাসনৰ পিচতেই বিগত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এক গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিল ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৷ বিটিচিৰ বনবিভাগ তথা বনজ সম্পদ ৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্যপালগৰাকীয়ে ‌। কিন্ত বাস্তৱত ৰাজ‍্যপালৰ নিৰ্দেশনাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে খোদ বন বিভাগে । চোৰাং কাঠ আৰু বনাঞ্চল ধ্বংসৰ পিছত বিটিচিত এইবাৰ পোহৰলৈ আহিছে নদীসমূহৰ পৰা অবাধে কৰা শিল-বালি সংগ্ৰহৰ তথ‍্য । চিৰাং জিলাৰ চম্পাৱতী নদীৰ বুকুত বৰ্তমান সুলভ হৈ পৰিছে এই দৃশ‍্য ৷ নদীখনৰ দুয়োপাৰে অবৈধভাৱে শতাধিক যন্ত্ৰ ব‍্যৱহাৰ কৰি শিল-বালি সংগ্ৰহ কৰিছে বিভিন্ন মহলে ৷

Chirang illegal Sand gravel collection assam etv bharat news
অব্যাহত শিল-বালি খনন

চম্পাৱতী নদীৰ এটা পাৰ জিলাখনৰ চিৰাং বন সংমণ্ডলৰ অধীনস্থ হোৱাৰ লগতে আনটো পাৰ কোকৰাঝাৰৰ হল্টুগাঁও বন সংমণ্ডলৰ অধীনস্থ ৷ উচ্চতম ন‍্যায়ালয় তথা বন বিভাগৰ কঠোৰ নিৰ্দেশনা অনুসৰি নদীৰ পৰা শিল-বালি সংগ্ৰহত ব‍্যৱহাৰ কৰিব নোৱাৰিব কোনো যন্ত্ৰ ৷ তদুপৰি ৰাজ‍্যপালৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এইক্ষেত্ৰত । কিন্তু সকলো নিৰ্দেশক আওকাণ কৰি বন বিভাগৰ জ্ঞাতসাৰে এই সকলো কাৰ্য অব্যাহত আছে বুলি উত্থাপিত হৈছে এক অভিযোগ ৷ সংবাদ মাধ্যমৰ গোপন কেমেৰাত বন্দী হোৱা এই সমগ্ৰ দৃশ্যত প্ৰতিফলিত হৈছে নদীসমূহৰ পৰা মহলসমূহে অনুমতিবিহীনভাৱে শিল-বালি সংগ্ৰহৰ দৃশ্য ৷ তথ্য অনুসৰি বন বিভাগৰ একাংশ লোকে এই মহলসমূহৰ সৈতে মিলি শিল-বালি সংগ্ৰহৰ অনুমতি প্ৰদান কৰি আহিছে ৷

ৰাজ্যপালৰ নিৰ্দেশক আওকাণ কৰি শিল-বালি সংগ্ৰহ

ৰাষ্ট্ৰীয় ঘাইপথসমূহত বন বিভাগৰ কেইবাখনো চেকগেট আছে যদিও শিল-বালি কঢ়িওৱা বাহনসমূহে একেখন চালানৰ সহায়তে অহা-যোৱা কৰি আহিছে ৷ যাৰ ফলত বহু কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈছে বন বিভাগ ৷ অবৈধ শিল-বালিৰ মহলসমূহৰ সৈতে বিভিন্ন দল-সংগঠন ধনৰ বিনিময়ত জড়িত হৈ থকাৰো এক অভিযোগ উত্থাপন হৈছে । এইক্ষেত্ৰত আৰক্ষী তথা বন বিভাগৰ মহলসমূহৰ সৈতে গোপন বুজাবুজি থকাৰ কথা নুই কৰিব নোৱাৰি ৷

আৰক্ষীয়ে মাজে-সময়ে শিল-বালি সংগ্ৰহৰ মেচিনসমূহ জব্দ কৰাৰ পিছত গোপন বুজাবুজিৰ ভিত্তিত পুনৰ এই কাৰ্যৰ বাবে প্ৰদান কৰে অনুমতি ৷ এইক্ষেত্ৰত চিৰাং বন সংমণ্ডলৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে বন বিভাগে ৰাজ‍্যপালৰ নিৰ্দেশনা অনুসৰি কাম কৰি থকাৰ কথা ব্যক্ত কৰে ৷ তদুপৰি এই কাৰ্যত ব্যৱহাৰ কৰা অবৈধ যন্ত্ৰসমূহো জব্দ কৰা বুলি বিষয়াগৰাকীয়ে জনায় ৷

অভিযোগ অস্বীকাৰ বন সংমণ্ডল বিষয়াৰ

চিৰাং জিলাৰ কেইবাখনো নদীত বৰ্তমান এইদৰে অব্যাহত আছে শিল-বালি সংগ্ৰহকাৰ্য ৷ এই কাৰ্যত আৰক্ষী আৰু বন বিভাগৰ লোকৰ সৈতে বুজাবুজিৰ ভিত্তিত বিটিচিৰ শাসকীয় আৰু বিৰোধী দলৰ একাংশ লোক জড়িত হৈ থকাৰ অনুমান প্ৰকাশ কৰা হৈছে ৷

লগতে চাওকঃ মহানগৰীত পিপিই কিট আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.