ETV Bharat / state

চিৰাঙত জব্দ ৬ লক্ষাধিক টকাৰ চোৰাং কাঠ - চিৰাঙত বন বিভাগৰ অভিযান

চিৰাঙত বন বিভাগৰ অভিযানত ৬ লক্ষাধিক মূল‍্যৰ চোৰাং কাঠ জব্দ । কোকৰাঝাৰ জিলাৰ হল্টুগা‍ঁও বন সংমণ্ডলৰ লাওপানী অঞ্চলৰ পৰা ভাৰত-ভুটান সীমান্ত অঞ্চলেৰে আহি আমটেকা অঞ্চলৰ মাজেৰে সৰবৰাহ কৰি থকাৰ সময়তে দেওবাৰে চিৰাং বন বিভাগে জব্দ কৰে ট্ৰাকখন ।

চিৰাঙত জব্দ ৬ লক্ষাধিক টকাৰ চোৰাং কাঠ
চিৰাঙত জব্দ ৬ লক্ষাধিক টকাৰ চোৰাং কাঠ
author img

By

Published : Feb 7, 2021, 5:23 PM IST

চিৰাং, ৭ ফেব্ৰুৱাৰী: দেওবাৰে চিৰাঙত পুনৰ জব্দ হ'ল চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷ শেহতীয়াকৈ জিলাখনত ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন চোৰাং কাঠভৰ্তি ট্ৰাক আৰক্ষী আৰু বন বিভাগে জব্দ কৰাৰ ঘটনাই পোহৰলৈ আনিছে ৰাজ্যত চলি থকা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ ভয়ংকৰ তথ্য ৷ জিলাখনত চোৰাং ব্যৱসায়ীসকলে কোকৰাঝাৰ জিলাৰ হল্টুগা‍ঁও বন সংমণ্ডলৰ লাওপানী অঞ্চলৰ পৰা ভাৰত-ভুটান সীমান্ত অঞ্চলেৰে আহি আমটেকা অঞ্চলৰ মাজেৰে সৰবৰাহ কৰি থকাৰ সময়তে দেওবাৰে চিৰাং বন বিভাগে জব্দ কৰে ট্ৰাকখন ।

চিৰাঙত জব্দ ৬ লক্ষাধিক টকাৰ চোৰাং কাঠ
চিৰাঙত জব্দ ৬ লক্ষাধিক টকাৰ চোৰাং কাঠ

এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে নিশাৰে পৰা আমটেকা বনাঞ্চলিক বিষয়া বিৰেন বসুমতাৰীৰ নেতৃত্বত বন বিভাগে জিলাখনৰ কেইবাঠাইতো চোৰাং কাঠৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল । বসুমতাৰীৰ নেতৃত্বত চলোৱা অভিযানত ভাৰত-ভূটান সীমান্ত অঞ্চলেৰে আহি আমটেকাৰে সৰবৰাহ কৰি থকাৰ সময়তে এখন ট্ৰেক্টৰসহ লালি আৰু গমাৰীৰ ২১ টা প্ৰকাণ্ড কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত চোৰাং কাঠখিনিৰ মূল‍্য ৬ লক্ষাধিক বুলি জানিবলৈ দিয়ে বন বিভাগে ।

চিৰাঙত বন বিভাগৰ অভিযান
চিৰাঙত বন বিভাগৰ অভিযান

কটকটীয়া নিৰাপত্তাৰ মাজতো বন বিভাগৰ চকুত ধুলি দি নিতৌ নিশা কোকৰাঝাৰ জিলাৰ পৰা অহা চোৰাং কাঠ ভৰ্তি বাহনসমূহ চিৰাং জিলাৰ মাজেৰে এইদৰে সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে দেওবাৰে বন বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে এই কাঠ । ইপিনে সংবাদ মাধ্যমতো ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি অহাৰ পিছতো ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মৌন হৈ চাই থকা কাৰ্যই চিৰাং বাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:খোল সম্ৰাট মনোজ কুমাৰ দাসলৈ যুৱ প্ৰতিভা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.