ETV Bharat / state

চিৰাঙত প্ৰতিবাদী গৃহৰক্ষী জোৱানৰ ভোট বৰ্জনৰ হুংকাৰ - ভোট বৰ্জনৰ হুংকাৰ

চিৰাঙতো গৃহৰক্ষী জোৱানসকলৰ প্ৰতিবাদ । সোমবাৰৰ পৰা দুদিনীয়া কৰ্ম বিৰতি পালন । দাবী পূৰণ নহ'লে নিৰ্বাচন বৰ্জনৰ হুংকাৰ ।

চিৰাঙত প্ৰতিবাদী গৃহৰক্ষী জোৱানৰ ভোট বৰ্জনৰ হুংকাৰ

author img

By

Published : Mar 1, 2021, 3:52 PM IST

চিৰাং, ১ মাৰ্চ: দীৰ্ঘদিন দৰি আন্দোলন কৰি অহাৰ পাচতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকল । অসম চৰকাৰৰ সকলো কৰ্মচাৰীয়ে দৰমহা লাভ কৰিছে আহিছে যদিও কম টকাত দৰমহা লাভ কৰি দায়িত্ব পালন কৰি অহা গৃহৰক্ষী জোৱানসকলৰ প্ৰতি কোনো কাণসাৰ নাই ৰাজ্য চৰকাৰৰ । যাৰফলস্বৰূপে গৃহৰক্ষী জোৱানসকলে ৰাজ্যজুৰি দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সোমবাৰ আৰু মংগলবাৰে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলে গ্ৰহণ কৰা কৰ্মবিৰতি অব্যাহত থাকিব । চিৰাং জিলাতো সদৌ অসম গৃহৰক্ষী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

জিলাখনৰ ৪৮০ জন জোৱানে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । গৃহৰক্ষী জোৱানসকলৰ বৰ্ধিত মাহিলী দৰমহাৰ ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অসম চৰকাৰে পালন কৰা নাই । যাতে উক্ত নিৰ্দেশ চৰকাৰে পালন কৰে সেয়া অনুৰোধ জনায় গৃহৰক্ষী জোৱানসকলে । আনহাতে ইয়াৰ সমাধানৰ কাৰণে ৰাজ্য চৰকাৰে ইতিবাচক পদক্ষেপ আজিকোপতি হাতত লোৱা নাই বুলি ক্ষোভ উজাৰে । সেয়েহে দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰি তেওঁলোকৰ প্ৰাপ্য দাবীসমূহ ৰূপায়ন কৰাত ব্যৰ্থ হৈছে চৰকাৰ যাৰবাবে চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে চিৰাং জিলাৰ গৃহৰক্ষী জোৱানসকলে । চৰকাৰে তেওঁলোকৰ প্ৰাপ্য দাবীসমূহ পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক:অবৈধ সুৰাৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.