চিৰাং,6 ডিচেম্বৰঃ বিজেপিয়ে বিটিচিখন ঠাণ্ডা কৰিলে । শান্তিৰ পৰিৱেশ ঘুৰাই আনিলে বিটিচিলৈ। বন্দুক দেখুৱাই ভোট লোৱা সকলে হাতযোৰ কৰি ভোট বিচাৰিবলৈ বাধ্য হ’ল বুলি দেওবাৰে বিটিচিত এইদৰে তাৎপয্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ সমান্তৰল ভাৱে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, বিটিচিৰ অবৈধ অস্ত্ৰ ক‘ত আছে আমি জানো ৷ চৰকাৰে এই ক্ষেত্ৰত পৰ্য্যায় ক্ৰমে অবৈধ অস্ত্ৰ উদ্ধাৰৰ ব্যৱস্থা কৰিছে ৷
ইপিনে মন্ত্ৰী যোগেন মহনে বিধায়িকা আঙুৰলতা ডেকাক সতিৰ্থ বিধায়ক কমলসিং নাৰ্জাৰীয়ে কৰা অশালিন মন্তব্যৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিপিএফে এতিয়া দিকবিদিক হেৰুৱাৰ বাবেই এনে মন্তব্য কৰিছে ।
লগতে পঢ়কঃ নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপনৰ শিৱিৰ