ETV Bharat / state

চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদমেল - কোকৰাঝাৰ

শনিবাৰে চিৰাঙৰ ছাপাগুৰিৰ হোটেল ছিগনেটত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা তত্বাৱধায়ক হৰিশ ৰাৱাটৰ সংবাদমেল ৷ সংবাদমেলৰ পাচতে কংগ্ৰেছ নেতাগৰাকীয়ে কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ।

চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদমেল
author img

By

Published : Apr 20, 2019, 2:22 PM IST

চিৰাং,20এপ্ৰিল: শনিবাৰে চিৰাঙত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক হৰিশ ৰাৱাটে এক সংবাদ মেল সম্বোধন কৰে । এই সংবাদমেলত অসমৰ মানুহে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কংগ্ৰেছক ভোটপ্ৰদান কৰিব বুলি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছ দলে শাসনলৈ আহিলে অসম চুক্তি ৰূপায়ন, বিটিচিত বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ লগতে ভাতৃবোধ আৰু অনাবড়ো লোকৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ ইপিনে এইবাৰ কংগ্ৰেছৰ বিজয় নিশ্চিত সংবাদমেলযোগে কংগ্ৰেছৰ জেষ্ঠ নেতাজনে উল্লেখ কৰে ৷

চিৰাঙত হৰিশ ৰাৱাটৰ সংবাদমেল
আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংপ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাৰ বিৰুদ্ধে নৱ শৰণীয়াই বিপিএফৰ সৈতে গোপন মিত্ৰতাৰ অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে ৷ এবি এম এচ ইউৰ সভাপতি লাফিকুল হত্যাৰ চি বি আই তদন্তৰ গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । উল্লেখ্য যে চিৰাঙৰ ছাপাগুৰিৰ হোটেল ছিগনেটত আয়োজিত এই সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ ৰাৱাটৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী শব্দৰাম ৰাভা উপস্থিত থাকে ।

Slug : A_Chirang_20th Apr_801 to 803_Chirang Congress Harish Rawat pressmeet_vis & byt_Abdul Maleque Ahmed. 

Send by ftp.

চিৰাঙত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক হৰিস ৰাৱতৰ সংবাদ মেল । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনে কয় যে তৃতিয় পৰ্য্যায়ৰ লোক সভা নিৰ্ব্বাচনৰ প্ৰচাৰৰ বাবে অসমত বাহৰ পাতি থাকি কালি আৰু আজি কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্ঠীৰ বাবে প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰিছে । তেওঁ সংবাদ মাধ্যমক কয় যে অসমৰ মানুহে এইবাৰ অসম চুক্তি ৰূপায়ন,নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি, অসমত স্থায়ী শান্তি প্ৰতিষ্টা কৰা, বিভিন্ন ক্ষেত্ৰত উন্নয়ন, বিটিচিত ভাতৃবোধ আৰু অনাবড়ো লোকৰ নিৰাপত্তা নিশ্চিত কৰা, বহু লোকে ক্ষতিগ্ৰস্থ হৈয়ো কোনো চৰকাৰী সুবিধা নাপালে । কংগ্ৰেছ দলে শাসনলৈ আহিলে নিশ্চয় এই আটাইবোৰ বিষয় গুৰুত্ব সহকাৰে লব । সাংসদ নৱ শৰনীয়া যি সমুহ বিষয় লৈ ৰাইজৰ বিপুল সহাঁৰিত নিৰ্ব্বাচিত হৈছিল সেই ক্ষেত্ৰত বিফল হৈছে । বিটিচিৰ যাৱতীয় দুৰ্ণীতিৰ তদন্ত হব,এবিএম এচ ইউৰ সভাপতি লাফিকুল ইচলাম হত্যাকাণ্ডৰ তদন্ত কৰা হব । এ আই ইউ ডি এফ আৰু ইউ পি পিৰ মিত্ৰজোটৰ ভূৱা প্ৰতিশ্ৰুতি ৰ বিষয়ে ৰাইজক সজাগ কৰাৰ কথাও কয় । গতিকে এই সমুহ যাৱতীয় বিষয় চিন্তা কৰিয়ে কংগ্ৰেছ বিৰোধি সকল চিন্তিত হৈ  একত্ৰিত ভাৱে কাম কৰি আছে। কিন্ত ৰাইজ সজাগ হৈছে কংগ্ৰেছৰ বিজয় নিশ্চিত । 
       একেদৰে কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ কংপ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভা কয় যে নৱ শৰনীয়াই যি অভিযোগ কৰিছে যে প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক বিশ্বজিত ৰায় আৰু শব্দ ৰাভা বিপিএফৰ সৈতে গোপন মিত্ৰতাৰ । কংগ্ৰেছ ৰাষ্ট্ৰীয় দল গতিকে বিপিএফৰ সৈতে গোপন বুজাবুজি ইমান সহজ নহয় । তেওঁৰ ভিত্তিহীন এই  অভিযোগৰ কোনো গুৰুত্ব প্ৰদান নকৰে ৰাইজে । বৰঞ্চ শৰনীয়া নিজেই বিজেপিৰ সৈতে গোপন বুজাবুজি আছে । তেওঁ বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক ভোট দান কৰিছে । সেয়া সকলোৱে জানে । বৰ্তমান শৰনীয়া নিজেই নাগপুৰৰ নতুন সদস্য । আজি তেওঁ নিজৰ ভেটি থৰক বৰক দেখিয়ে প্ৰলাপ বকিছে । অবড়ো কোনো সংগঠনৰ লোক আজি শৰনীয়াৰ সৈতে নাই । সকলো আমাৰ সৈতে আছে । এবি এম এচ ইউৰ সভাপতি লাপিকুল হত্যাৰ চি বি আই তদন্তৰ গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰীয়া আগবঢ়াই লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । বিপিএফে লাফিকুলৰ পৰিয়ালক প্ৰতাৰনা কৰিছে , কোনো ক্ষতিপুৰন নিদিলে বুলিও কয় । 
    চিৰাঙৰ ছাপাগুৰিৰ হোটেল ছিগনেটত আয়োজিত এই সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক হৰিস ৰাৱটৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক বিশ্বজিত ৰায়,কোকৰাঝাৰ লোকসভা সষ্টীৰ প্ৰাৰ্থী শব্দৰাম ৰাভা উপস্থিত থাকে ।

বাইট : হৰিশ ৰাৱত, শব্দ ৰাম ৰাভা । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.