ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অস্থায়ী আবাসগৃহ নিৰ্মাণ প্ৰধান শিক্ষকৰ - চিৰাং

৪৫ জন ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ আশাৰে নিৰ্মাণ আবাসগৃহ প্ৰধান শিক্ষকৰ

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অস্থায়ী হোষ্টেল নিৰ্মাণ প্ৰধান শিক্ষকৰ
author img

By

Published : Feb 5, 2019, 11:13 PM IST

চিৰাং,৫ ফেব্ৰুৱাৰীঃ সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা। উদ্য়মেৰে সাজু হৈছে প্ৰতিখন বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। কেৱল ব্য়ক্তিগতখণ্ডৰ বিদ্য়ালয়ে নহয় এইবাৰ এক অগতানুগতিক প্ৰয়াস হাতত লৈছে চিৰাঙৰ এখন চৰকাৰী বিদ্য়ালয়ে। চিৰাঙৰ ঔগুৰি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য়তৰ প্ৰতি লক্ষ্য় ৰাখি বিদ্য়ালয়ৰ প্ৰধান শিক্ষকৰ ব্য়তিক্ৰমী প্ৰয়াস। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য়তৰ প্ৰতি লক্ষ্য় ৰাখি নিৰ্মাণ কৰিছে এখন অস্থায়ী আবাসগৃহ।

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অস্থায়ী হোষ্টেল নিৰ্মাণ প্ৰধান শিক্ষকৰ
undefined

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ঔগুৰী হাইস্কুলৰ প্ৰধান শিক্ষক পূজাৰু বৰগয়াৰীয়ে বিদ্যালয়খনত গঢ়ি তুলিছে এখন অস্থায়ী আবাসগৃহ । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ৪৫ জন ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ আশাৰে নিৰ্মাণ কৰা হৈছে এই আবাসগৃহ। চৰকাৰী ভাৱে কোনো বিশেষ সহায় লাভ কৰা নাই যদিও ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য়তৰ প্ৰতি লক্ষ্য় ৰাখিয়েই সকলো ব্য়ৱস্থা গ্ৰহণ কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে।আবাসগৃহতেই ছাত্ৰ-ছাত্রীক পঢ়াবলৈ বিদ্য়ালয় কৰ্তৃপক্ষই ব‍্যৱস্থাও কৰিছে বিশেষ টিউচনৰ ।লগতে আবাসগৃহত ৰাতি অধ্য়য়নৰ বাবে ছোলাৰ লাইট প্ৰদান কৰিছে চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই। আন যাৱতীয় খৰছ বহন কৰিছে বিদ্যালয়ৰ শিক্ষক সকলৰ লগতে ঔগুৰীৰ স্থানীয় লোক সকলে। উল্লেখ্য় যে চৰকাৰী বিদ্য়ালয়ৰ এই ব্য়তিক্ৰমী প্ৰয়াসক শলাগ লৈছে অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজে। পিচে পৰীক্ষাৰ ফলাফলৰ পাচতহে জানিবলৈ পৰা যাব তেওঁলোকৰ এই প্ৰয়াস কিমান দূৰ ফলপ্ৰসূ হয়।

Intro:চিৰাঙৰ এক ব্যাতিক্ৰম চৰকাৰী বিদ্যালয় । চিৰাং জিলা সদৰ কাজলগাঁওৰ পৰা ২৫ কি:মি:পোনে পোনে উত্তৰ পিনে ভাৰত-ভূটান সীমান্তৰ ঔগুৰী হাইস্কুলত দেখিবলৈ পোৱা গৈছে এক ব্যাতিক্ৰমি প্ৰয়াস । চৰকাৰী খণ্ডৰ এইখন বিদ্যালয়ত অহা হাইস্কুল শেষান্ত পৰিক্ষাত ছাত্ৰ-ছাত্ৰী সকলে যাতে  ভাল ফলাফল লাভ কৰিব পাৰে সেই উদ্দেশ্যে বিদ্যালয়ৰ প্ৰধান শিক্ষক পুজাৰু বৰগয়াৰীয়ে বিদ্যালয় খনত গঢ়ি তুলিছে অস্থায়ী এক হোষ্টেল । অহা হাইস্কুল শেষান্ত পৰিক্ষাত বিদ্যালয় খনৰ ৪৫ জন ছাত্ৰ-ছাত্ৰীয়ে অৱতিৰ্ণ হব। এই ছাত্ৰ-ছাত্ৰী সকলৰ ভাল ফলাফলৰ আশাৰে বিদ্যালয় খনত অস্থায়ী হোষ্টেলত ছাত্ৰ-ছাত্ৰী সকলক ৰাখি ভাল দৰে পঢ়াই আছে । হোষ্টেলত নিশাৰ বাবে ছোলাৰ লাইট প্ৰদান কৰিছে চিৰাং জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই বাকী হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী সকলৰ থকা-খোৱাৰ যাৱতীয় ব্যৱস্থা বিদ্যালয়ৰ শিক্ষক সকলে ঔগুৰীৰ স্থানীয় লোকৰ সহযোগত দান বৰঙনি সংগ্ৰহ কৰি চলাই গৈছে হোষ্টেল । চৰকাৰী ভাৱে অইন কোনো বিশেষ সহায় লাভ নকৰাৰ কথাও জনায় বিদ্যালয়ৰ প্ৰধান শিক্ষক পুজাৰু বৰগয়াৰীয়ে । প্ৰধান শিক্ষক জনে হোষ্ঠেল চোৱা-চিতা কৰাৰ লগতে ৱাৰ্ডেনো ৰাখিছে। ছাত্ৰ-ছাত্রীক পঢ়াবলৈ বিশেষ টিউচনৰ ব‍্যৱস্থাও কৰিছে। হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলেও আশা কৰিছে হাইস্কুল শেষান্ত পৰিক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হব বুলি । নিশ্চয়কৈ অসমৰ ভিতৰত অইন কোনো চৰকাৰী বিদ্যালয়ত এই ধৰনৰ অস্থায়ি হোষ্টেল হোৱা নাই এয়াই প্ৰথম । 

প্ৰধান শিক্ষক পুজাৰু বৰগয়াৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাইট দিলো । পিটিচি আৰু ডিফাৰ লাইভো দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:প্ৰধান শিক্ষক পুজাৰু বৰগয়াৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাইট দিলো । পিটিচি আৰু ডিফাৰ লাইভো দিলো ।

Conclusion:নিশ্চয়কৈ অসমৰ ভিতৰত অইন কোনো চৰকাৰী বিদ্যালয়ত এই ধৰনৰ অস্থায়ি হোষ্টেল হোৱা নাই এয়াই প্ৰথম । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.