ETV Bharat / state

খেল’ ইণ্ডিয়াত স্বৰ্ণ জিনিলে চিৰাঙৰ ৰাজীৱে - লাবদাংগুৰী

গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেল’ ইণ্ডিয়াত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে চিৰাঙৰ এজন ষুৱকে ৷ যুৱকজনে ৰিলে দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ৰাজীৱ ব্ৰহ্ম নামৰ যুৱকজন চিৰাঙৰ বিজনীৰ ভিতৰুৱা অঞ্চল লাবদাংগুৰীৰ বাসিন্দা ৷

খেল’ ইণ্ডিয়া
ৰাজীৱ ব্ৰহ্ম
author img

By

Published : Jan 15, 2020, 9:49 PM IST

চিৰাং,15 জানুৱাৰীঃ ভোগালী বিহুৰ সমান্তৰালকৈ চিৰাং জিলালৈ আহিছে এক সুখবৰ ৷ গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেল’ ইণ্ডিয়াত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে চিৰাঙৰ এজন ষুৱকে ৷ যুৱকজনে ৰিলে দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ৰাজীৱ ব্ৰহ্ম নামৰ যুৱকজন চিৰাঙৰ বিজনীৰ ভিতৰুৱা অঞ্চল লাবদাংগুৰীৰ বাসিন্দা ৷

বুধবাৰে গৃহজিলাত উপস্থিত হোৱা ৰাজীৱ ব্ৰহ্মক বিজনী ৰে’ল ষ্টেচনত বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জনায় ৷ বিশেষকৈ জন্মগাঁও লাবদাংগুৰী পোৱাৰ ২ কিল’মিটাৰ পূৰ্ব্বৰ উলুবাৰীৰ পৰা বিভিন্ন দল-সংগঠনে খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনাই আদৰি আনে ৷ খেলুৱৈ গৰাকীৰ কৃতিত্বত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে বিজনী আঞ্চলিক এবছু, চিৰাং জিলা আছুৰ লগতে স্থানীয় দল-সংগঠন ৷

স্বৰ্ণপদক অৰ্জন চিৰাঙৰ ৰাজীৱৰ

জিলাখনলৈ পূৰ্বতেও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে স্বৰ্ণ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । কৃষ্ণকান্ত ব্ৰহ্ম আৰু জাগাউৰি ব্ৰহ্মৰ পুত্ৰ ৰাজীৱৰ এই সফলতাৰ বাবে পৰিয়ালটোলৈ আহিছে আনন্দৰ বতৰা ৷

লগতে চাওকঃবটদ্ৰৱাৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ বিয়োগ

Intro:বিহুৰ মাজতে চিৰাং জিলালৈ ৰাষ্ট্ৰীয় স্বৰ্ণ পদকেৰে জিলিকালে ৰাজিৱ ব্ৰহ্মই । জিলাখনৰ লাবদাংগুৰীৰ বাসিন্দা ৰাজিৱ।

Body:ভোগালি বিহুৰ এই শুভ মুহুৰ্তত চিৰাং জিলালৈ সুখবৰ কঢ়িয়াই আনিছে জিলাখনৰ এজন যুৱকে । গুৱাহাটিত অনুষ্টিত ৰাষ্ট্ৰীয় খেল ইণ্ডিয়া খেলত ৰিলেৰেচত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষন হৈছে ৰাজিৱ ব্ৰহ্ম নামৰ যুৱকজনে । চিৰাং জিলাৰ বিজনীৰ অতিকে ভিতৰুৱা অঞ্চল লাবদাংগুৰীৰ বাসিন্দা ৰাজিৱ ব্ৰহ্ম নামৰ যুৱক জনে এই কৃতিত্ব অৰ্জন কৰিছে । গাঁওখনৰ শ্ৰমজীৱি ৰাজমিস্ত্ৰি কৃষ্ণকান্ত ব্ৰহ্ম আৰু জাগাউৰি ব্ৰহ্মৰ পুত্ৰ ৰাজিৱ ব্ৰহ্ম।
চিৰাং জিলালৈ সুখবৰ কঢ়িয়াই অনা ৰাজিৱ ব্ৰহ্মক বিজনী ৰেল ষ্টেচনৰ পৰাই বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাই আগুৱাই আনে । বিশেষকৈ লাবদাংগুৰি গাঁও পোৱাৰ ২ কি:মি: পুৰ্ব্বৰ উলুবাৰীৰ পৰা বিভিন্ন দল সংগঠনে ৰাষ্ট্ৰীয় স্বৰ্ণ পদক বিজয়ী ৰাজিৱ ব্ৰহ্মক সম্বৰ্ধনা জনাই সমদল কৰি ঘৰলৈ নিয়ে দুই কিলোমিটাৰ পথ। ইয়াৰে বিজনী আঞ্চলিক এবছু,চিৰাং জিলা আছুৰ লগতে বিভিন্ন দল সংগঠন আৰু লাবদাংগুৰি গাঁওবাসী উৎফুল্লিত ৰাজিৱৰ কৃতিত্বত।

চাৰিটা বাইট দিলো ।
ফাইল নম্বৰ ২ খেলুৱৈ জন ৰাজিৱ ব্ৰহ্ম , ৩ গাঁওবাসী,৪ আছু চিৰাং জিলা সভাপতি ৰুপম দাস,৫ বিজনী আঞ্চলিক এবছুৰ সভাপতি ।

Conclusion:চিৰাং জিলাত পুৰ্বতেও ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈয়ে স্বৰ্ণ পদক অৰ্জন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । এয়া আজি চিৰাং জিলালৈ বিহুৰ আনন্দত মাজতে আন এক আনন্দৰ বতৰা চিৰাং জিলালৈ কঢ়িয়াই আনিছে ৰাজিৱ ব্ৰহ্মই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.