চিৰাং, ২৪ ফেব্ৰুৱাৰী: বি টি চি নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৱে লোৱা কেতবোৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধনৰ দিশে বিটিআৰৰ কৰ্তৃপক্ষ । তাৰে এক নিদৰ্শনৰ প্ৰতীক চিৰাঙৰ বিজনীৰ শিলবাৰীত পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্সৰ আধাৰশিলা স্থাপনৰ ।
বুধবাৰে জিলাখনৰ শিলবাৰীত বিটিআৰ চুক্তিৰ আধাৰত বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্সৰ আধাৰশীলা স্থাপন কৰে । আগন্তুক দুই-তিনি বছৰৰ ভিতৰতে পেৰামেডিকেল এণ্ড নাৰ্ছিং চায়েন্সৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৰ ।
অনুষ্ঠানত প্ৰমোদ বড়োই আধাৰশীলা স্থাপন কৰি কয় যে বিটিআৰ চুক্তিৰ জড়িয়তে বিটিআৰ অঞ্চলত বহু কেইখন শিক্ষানুষ্ঠান লাভ কৰিছে আৰু সেই অনুপাতে বিটিআৰ চুক্তি ৰূপায়ন কৰি গৈছে । সকলো দিশৰ পৰা বিটিআৰক উন্নয়নৰ দিশে লৈ যোৱাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰমোদ বড়োয়ে । দুৰ্নীতিমুক্ত ভিচিডিচি গঠনৰ আশ্বাস প্ৰদান কৰে প্ৰমোদ বড়োয়ে। এই আধাৰশিলা অনুষ্ঠানত ইউপিপিএল দলৰ বহু কেইজন নেতা কৰ্মীয়ো উপস্থিত থাকে ।
ইয়াৰ পাচতে বিজনী জিলা ইউপিপিএলৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি জয়ন্ত বসুমতাৰীকে আদি কৰি বহু কেইজন লোকে ইউপিপিএলত যোগদান কৰে । এই যোগদান সভাত ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউগৌৰা ব্ৰহ্ম, দলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী, মনোনীত পৰিষদ মাধৱ ছেত্ৰীসহ বহুকেইজন নেতা উপস্থিত থাকে ।