ETV Bharat / state

চিৰাঙত চোৰাং কাঠৰ মুকলি বেহাঃ সাংবাদিকক বাতৰি প্ৰকাশত বাধা বন বিষয়াৰ - চিৰাং জিলাত চোৰাং কাঠৰ বেহা

ভুটানৰ গাড়ীৰে চোৰাং কাঠ সৰবৰাহ চিৰাঙৰ ৰাষ্ট্ৰীয় পথেৰে

চিৰাঙত চোৰাং কাঠৰ বেহা
author img

By

Published : Aug 19, 2019, 9:29 PM IST

চিৰাং, 19 আগষ্ট : চিৰাং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলিছে ৰমৰমীয়া চোৰাং কাঠৰ বেহা । প্ৰাপ্ত তথ্য মতে ৰুণীখাতা থানাৰ অন্তৰ্গত ভূৰ চাৰিআলিৰ পৰা বহিৰাজ্যলৈ ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাই পথেৰে BP- 2-A-0808 নম্বৰৰ এখন ভুটানৰ বলেৰ' পিকআপ ভেন চোৰাং কাঠ লৈ বঙাইগাওঁ অভিমুখে গৈ থকা অৱস্থাত ৰাইজে স্যামথাই বাৰীত প্ৰত্যক্ষ কৰে ৷ ৰাইজে বনবিভাগক অৱগত কৰাত বন বিভাগৰ লোকে গাড়ীখন কাজলগাওঁৰ ক্ৰীড়া প্ৰকল্পৰ ওচৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে বনবিভাগে আটক কৰে দুজন চোৰাং কাঠ সৰহবৰাহকাৰীক ৷ কিন্তু আটক কৰা লোক দুজনৰ নাম গোপন ৰাখে বন বিভাগে । লগতে বাতৰি সম্প্ৰচাৰৰ বাবে সাংবাদিক উপস্থিত হোৱাত বাতৰি সমপ্ৰচাৰ কৰিব নালাগে বুলি সাংবাদিকক বাধা প্ৰদান কৰে কাজলগাওঁৰ বন নিৰাপত্তা বিষয়া কুঞ্জন বসুমতাৰীয়ে । এই সন্দৰ্ভত চিৰাং সংমণ্ডল বন বিষয়া ৰাজু ব্ৰহ্মক সোধা হৈছিল যদিও বিষয়া জনে নিজে সংবাদ মাধ্যমৰ পৰা আতৰি থাকি এই বিষয়ে ৰেঞ্জাৰৰ লগত কথা পাতিবলৈ কয় । ফলত বন বিভাগৰ সকলো যেন মিলিজুলি আছে বুলিয়েই সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমি ৰাইজে । বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ কাৰ্য্যবাহি সদস্য খাম্পা বৰগয়াৰীৰ গৃহ জিলা চিৰাঙত এই দৰেই দিনে নিশাই চলিছে চোৰাং কাঠৰ অবাধ ব্যৱসায় আৰু বনাঞ্চল ধ্বংসৰ অবিৰত প্ৰক্ৰীয়া ।

Intro:চিৰাঙত বনবিভাগেৰে কাঠ মাফিয়াৰ মিতিৰালি। ভুটানী নম্বৰৰ গাড়ীৰে কাঠ সৰবৰাহ চিৰাঙৰ ৰাষ্ট্ৰীয় পথেৰে। 

Body:  চিৰাং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলিছে ৰমৰমীয়া চোৰাং কাঠৰ বেহা। প্ৰাপ্ত তথ্য মতে  ৰুণীখাতা থানাৰ অন্তৰ্গত ভূৰ চাৰিআলিৰ পৰা বহি: ৰাজ্যলৈ ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাই পথেৰে BP- 2-A-0808 নম্বৰৰ এখন ভুটানী বলেৰো পিকআপ ভেনেৰে আহি থকা অৱস্থাত জিলাখনৰ স্যামথাই বাৰীৰ পৰা বঙাইগাওঁ অভিমুখে গৈ থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে তাৰ পিছত বনবিভাগক অৱগত কৰে আৰু বন বিভাগৰ লোকে গড়ীখন কাজলগাওঁৰ ক্ৰীড়া প্ৰকল্পৰ ওচৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। লগতে দুজন লোককো আটক কৰে যদিও বন বিভাগে লোক দুজনক সংবাদ মাধ্যমৰ পৰা আতৰাই ৰখাৰ লগতে গাড়ীত লগোৱা ভূটানী নম্বৰ প্লেটখনো খোলাৰ চেষ্টা চলায় যদিও ইতিমধ্য সংবাদ মাধ্যমে ফটো সংগ্ৰহ কৰে। আটক কৰা লোক দুজনৰ নামো গোপন ৰাখে বন বিভাগে । 

Conclusion:বাতৰি সম্প্ৰচাৰৰ বাবে সাংবাদিক উপস্থিত হোৱাত বাতৰি সমপ্ৰচাৰ  কৰিব নালাগে বুলি সাংবাদিকক বাধা প্ৰদান কৰে, কাজলগাওঁৰ প্ৰটেকচন ৰেঞ্জাৰ বিষয়া কুঞ্জন বসুমতাৰীয়ে। তাৰ্পয্যপূৰ্ণ কথাটো হল যে, বনবিভাগৰ লোকে বাতৰি সম্প্ৰচাৰ কৰাত বাধা প্ৰদান কৰাটোৱেই বিশেষ তাৰ্পয্য বহন কৰিছে। এই যাৱতীয় বিষয় লৈ চিৰাং সংমণ্ডল বন বিষয়া ৰাজু ব্ৰহ্মক সোধা হৈছিল যদিও বিষয়া জনে নিজে সংবাদ মাধ্যমৰ পৰা আতৰি থাকি কয় যে এই বিষয়ে ৰেঞ্জাৰৰ সৈতে কথা পাতক । বন বিভাগৰ সকলো যেন মিলিজুলি আছে বুলিয়েই সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমি সকলে । ইপিনে বিশেষ সুত্ৰে জানিব পৰা মতে জিলাখনৰ শান্তিপুৰৰ জনৈক শৰ্মা উপাধিৰ লোক এজনে ভূটানী গাড়ীৰে দীৰ্ঘ দিনৰ পৰাই এই দৰে চোৰাং কাঠৰ ব্যৱসায় চলাই আছিল । যত বন বিভাগৰ লোকে মাহেকীয়া হিচাবত পাইছিল নিয়মিত বুজন পৰিমানৰ ধন । কিন্ত আজি ৰাইজৰ পাকচক্ৰত পৰি বন বিভাগে গাড়ীখন জব্দ কৰিব লগীয়া হয় যদিও সংবাদ মাধ্যমৰ পৰা পলাই ফুৰিব লগীয়া হৈছে । বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ কাৰ্য্যবাহি সদস্য খাম্পা বৰগয়াৰীৰ গৃহ জিলা চিৰাঙত এই দৰেই দিনে নিশাই চলিছে চোৰাং কাঠৰ অবাধ কাৰবাৰ আৰু বনাঞ্চল ধ্বংশ প্ৰক্ৰীয়া । তাৰ পিচতো কোনো ধৰনৰ গুৰুত্ব নাই বিভাগটোৰ ।। 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.