চিৰাং, 26 জুনঃ চিৰাং জিলাৰ উত্তৰাঞ্চলত বানৰ তাণ্ডৱ ৷ যোৱা দুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ ৷ ইতিমধ্যে পুৱতি নিশাৰে পৰা ডাবাবিল, মাদাৰপুৰ, আইপোৱালী,আইনদী ধুবুৰি,মানিকপুৰ সহ অৰ্ধশতাধিক গাঁও প্লাৱিত হৈছে । চৰকাৰী তথ্য অনুসৰি জিলাখনৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে বেংতল ৰাজহ চক্ৰ, চিদলী ৰাহৰ চক্ৰ আৰু বিজনী ৰাজহ চক্ৰৰ মুঠ আঠখন গাঁওৰ ১৯০৪ জন লোক ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ আই নদীৰ লগতে নাঙলভাঙা, টাক্লাই, মাক্ৰা, চম্পাৱতি নৈৰ লগতে বিভিন্ন উপনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে অৰ্ধশতাধিক গাঁও ।
চৰকাৰী তথ্য অনুসৰি বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত ডাবাবিলৰ ২৮৫ জন লোক, খয়ৰাবাৰী ১৫০ জন লোক আৰু মাদাৰপুৰৰ ৩০০ জন লোক চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত ডেবৰ বিল ২৭৬ জন লোক,নেপালপাৰা ৭২ জন ,২নং উদালগুৰি ৫৯ জন লোক আৰু ২নং সন্যাসিবাৰী ৬২ জন লোক, বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং চৌৰাবাৰী গাঁওৰ ৭০০ জন লোক ক্ষতিগ্ৰস্ত হৈছে । চৰকাৰী তথ্য মতে কোনো লোকৰ বাসগৃহৰ ক্ষয় ক্ষতি হোৱা নাই যদিও বেচৰকাৰী তথ্য মতে প্ৰায় ৫০ টাকৈ ঘৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷