ETV Bharat / state

চিৰাঙত চৰকাৰী কৃষি আঁচনিৰ পৰা বঞ্চিত কৃষকৰ হাহাকাৰ

বন্ধৰ ফলত খেতি পথাৰতে নষ্ট হৈছে পাচলিও । চিৰাং জিলাৰ একমাত্ৰ কৃষি প্ৰধান অঞ্চল গৰাইমাৰী । চৰকাৰে কৃষক সকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰে যদিও এই অঞ্চল সমূহত চৰকাৰী কোনোধৰণৰ আঁচনিয়ে ঢুকি নাপায় এই সকল কৃষকক ৷

chirang-farmer-facing-big-loses
চিৰাঙত চৰকাৰী কৃষি আঁচনিৰ পৰা বঞ্চিত কৃষকৰ হাহাকাৰ
author img

By

Published : May 18, 2020, 8:42 PM IST

চিৰাং, 18 মে‘ : চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং গৰাইমাৰী অঞ্চলৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ । লক ডাউনৰ ফলত কৃষক সকলৰ পাচলি পথাৰতে গেলি পচি যাবলৈ ধৰিছে । চিৰাং জিলাৰ বিজনীৰ অন্তৰ্গত ২নং গৰাইমাৰী অঞ্চলত বিঘা বিঘা শাক-পাচলি খেতিতে নষ্ট হৈ যাব ধৰিছে । পথাৰতে নষ্ট হৈ যাব ধৰিছে লেচেৰা খেতি । কৃষকে এই লেচেৰা খেতিৰ পৰা এক কেজি লেছেৰাও বিক্ৰি কৰিব পৰা নাই বজাৰত ।

chirang-farmer-facing-big-loses
চিৰাঙত চৰকাৰী কৃষি আঁচনিৰ পৰা বঞ্চিত কৃষকৰ হাহাকাৰ

চিৰাং জিলাৰ একমাত্ৰ কৃষি প্ৰধান অঞ্চল গৰাইমাৰী । চৰকাৰে কৃষক সকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে যদিও এই অঞ্চল সমূহৰ কৃষক সকলক চৰকাৰী কোনোধৰণৰ আঁচনিয়ে ঢুকি নাপায় বুলিও অভিযোগ উত্থাপন কৰিছে কৃষকে । তদুপৰি লকডাউনৰ ফলত পাচলি বজাৰ সমূহ বন্ধ হৈ থকাৰ বাবেও এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে ।

অন্যহাতে কৃষকৰ বাবে অহা কৃষক সন্মান নিধিৰ দৰে চৰকাৰী আঁচনি সমূহৰ বিতৰণত ব্যাপক দুৰ্নীতি হোৱাত বহু সংখ্যক প্ৰকৃত কৃষক বঞ্চিত হবলগীয়া হৈছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন ২৭ গৰাকী তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.