চিৰাং,16 অক্টোবৰঃ চিৰাং জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বুধবাৰে পুৱা ধৰা পৰে দিল্লীৰ পৰা অহা ভুৱা পৰিবহন বিষয়াৰ দলটো৷ ৰাজপথত গাড়ী ৰখাই পথ সুৰক্ষা সজাগতাৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল বৃহৎপৰিমাণৰ ধন ৷ নিজকে পৰিবহন বিষয়া বুলি পৰিচয় দি প্ৰতিখন বাহনৰ পৰা দলটোৱে ৰেডিয়াম ষ্টিকাৰ লগোৱাৰ নামত সংগ্ৰহ কৰিছিল ৩০০ টকা ৷ দলটোৱে এনেদৰে ধন সংগ্ৰহ কৰি থকা অৱস্থাতে সেই স্থানত উপস্থিত হোৱা পৰিবহন বিভাগে জব্দ কৰা এখন বাহনৰ পৰাও ধন সংগ্ৰহৰ চেষ্টা চলাইছিল প্ৰৱঞ্চকৰ দলটোৱে ৷ ইয়াৰ পিচতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷
![CHIRANG FAKE TRANSPORT OFFICER ARREST NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4772297_manoj.jpg)
কেনেকৈ ধৰা পৰিল প্ৰৱঞ্চকৰ দলটো?
আনদিনাৰ দৰে চিৰাং জিলা পৰিবহন বিভাগৰ এটা দলে নিয়মিত তালাচীৰ সময়ত নথি পত্ৰ নোহোৱা এখন ট্ৰাক জব্দ কৰি থানালৈ নি থকা অৱস্থাত ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথত ধন সংগ্ৰহ কৰি থকা ভুৱা পৰিবহন বিষয়াৰ দলটোৱে পৰিবহন বিভাগে জব্দ কৰি নিয়া ট্ৰাকখনৰ পৰা ৰেডিয়াম ষ্টিকাৰ লগাই তাৰ বিনিময়ত ৩০০ টকা বিচাৰে ৷ এই ঘটনাত সন্দেহ হোৱাত ট্ৰাকখনৰ লগত যোৱা পৰিবহন বিভাগৰ এজন লোকৰ সন্দেহ হয় আৰু তেওঁলোকক ওলোটাই প্ৰশ্ন কৰে ৷ পৰিবহন বিভাগৰ লোকজনৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ভুৱা পৰিবহন বিষয়াৰ দলটো সেই স্থানৰ পৰা কিছু দূৰ আতৰি যায় ৷ ইফালে ঘটনা সন্দৰ্ভত পৰিবহন বিভাগৰ লোকজনে উৰ্ধতন মহলক ফোনযোগে সকলো কথা জনোৱাৰ পিচত ঘটনাস্থলীত চিৰাং জিলা পৰিবহন বিভাগৰ এটা দল উপস্থিতি হৈ দলটোক সোধা পোছা কৰাৰ পিচত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷
পৰিবহন বিভাগৰ বিষয়াৰ সন্মুখৰ পৰাই পলায়ন দলটোৰ
চিৰাং জিলা পৰিবহন বিষয়াৰ দলটোৱে উপস্থিত হৈ ৮/৯ জনীয়া লোকৰ দলটোক ঘেৰি লৈ জেৰা কৰি থকাৰ সময়তে এজন সদস্যৰ বাদে বাকীকেইজন সদস্যই পলায়ন কৰে ৷ পিচত পৰিবহন বিভাগৰ দলটোৱে দিল্লীৰ পৰা অহা মনোজ শৰ্মা নামৰ ভুৱা পৰিবহন বিষয়াজনক AS-16D-8887 নম্বৰৰ এখন বলেৰ' গাড়ীসহ চিৰাং জিলা পৰিবহন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে ৷ পৰিবহন বিভাগৰ দলটোৰ আগত মনোজ শৰ্মা নামৰ প্ৰৱঞ্চকজনে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং স্বাক্ষৰিত এখন অনুমতি পত্ৰ দেখুৱাই, য'ত স্পষ্টৰূপত উল্লেখ আছিল ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰ্ঘটনা ৰোধৰ বাবে আৰু পথ সুৰক্ষাৰ সজাগতাৰ বাবে ৰেডিয়াম ষ্টিকাৰ লগাবলৈ অনুমতি দিয়াৰ কথা ৷
![CHIRANG FAKE TRANSPORT OFFICER ARREST NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4772297_adhaar.jpg)
আনহাতে এই সমগ্ৰ ঘটনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে চিৰাং জিলাৰ এনফোৰ্চমেন্ট বিষয়া সমেশ্বৰ মুচাহাৰীয়ে ৷ দিল্লীৰ পৰা অহা দলটো সম্পৰ্কত কোনো তথ্য নাছিল চিৰাং জিলা পৰিবহন বিভাগৰ হাতত৷
![CHIRANG FAKE TRANSPORT OFFICER ARREST NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4772297_fake.jpg)
ৰহস্যৰ আৱৰ্তত চিৰাং জিলা আৰক্ষী অধীক্ষক
কিয়, কি কাৰণত পৰিবহন বিভাগৰ অনুমতি নোহোৱাকৈ চিৰাং জিলা আৰক্ষী অধীক্ষকে ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথত দিল্লীৰ পৰা অহা দলটোক পথ সুৰক্ষা সজাগতাৰ নামত ৰেডিয়াম ষ্টিকাৰ লগাবলৈ অনুমতি দিছিল? বিষয়টো যিহেটো পৰিবহন বিভাগৰ আওতাত তেনেহ'লে স্থানীয় পৰিবহন বিভাগৰ লগত যোগাযোগ নকৰাকৈ ৰাজপথত গাড়ী ৰখাই পথ সুৰক্ষা সজাগতাৰ নামত ৰেডিয়াম ষ্টিকাৰ লগাই ধন সংগ্ৰহৰ অনুমতি দিছিল আৰক্ষী অধীক্ষকে ৷ এই ঘটনাই সমগ্ৰ চিৰাং জিলাতে ৰহস্যৰ সৃষ্টি কৰিছে ৷
![CHIRANG FAKE TRANSPORT OFFICER ARREST NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4772297_permission.jpg)
উল্লেখ্য যে, চিৰাং জিলাত বহু দিনৰ পৰাই ভুৱা পৰিবহন বিষয়াই ৰাষ্ট্ৰীয় ঘাই পথত ধন সংগ্ৰহ কৰাৰ তথ্য আছিল যদিও আজি পৰ্যন্ত দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাছিল জিলাখনৰ আৰক্ষী ৷ বুধবাৰে প্ৰৱঞ্চকৰ দলটো জালত পৰাৰ পিচতো পলাই যাবলৈ সক্ষম হোৱাত সন্দেহৰ আঙুলি টোৱাইছে পৰিবহন বিভাগৰ একাংশ বিষয়ালৈও ৷ পৰিবহন বিভাগৰ নামত ধন সংগ্ৰহ কৰা ভুৱা পৰিবহন বিষয়াক আটক কৰাৰ পিচত কেনেকৈ পলাই যাবলৈ সক্ষম হ'ল ? হয়তো দলটোক গ্ৰেপ্তাৰ কৰিলে বহুতৰে মুখা খোল খোৱাৰ ভয়ত পলাই যাবলৈ সহায় কৰিলে নেকি প্ৰৱঞ্চকৰ দলটোক ৷ ৰাইজৰ প্ৰশ্ন পৰিবহন বিভাগ আৰু চিৰা জিলা আৰক্ষী অধীক্ষকলৈ ৷