ETV Bharat / state

চিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

author img

By

Published : Oct 6, 2020, 1:03 PM IST

চিৰাঙত প্ৰাক্তন এনডিএফিবি সমন্বয়ৰক্ষী সমিতিৰ ধৰ্মঘট কাৰ্যসূচী ৷ শান্তি চুক্তি স্বাক্ষৰৰ পিছতো এইসকল প্ৰাক্তন এনডিএফিবি সদস্যক চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা ধৰণে সুবিধা প্ৰদান নকৰাৰ প্ৰতিবাদতে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

Chirang Ex NDFB coordinating committee protest
চিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

চিৰাং, 6 অক্টোবৰঃ চিৰাঙত প্ৰাক্তন এনডিএফিবি সমন্বয়ৰক্ষী সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৷ এনডিএফবিৰ চাৰিওটা গোটকে একত্ৰিত কৰি কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে শান্তিচুক্তিৰ জৰিয়তে বিটিআৰ গঠন কৰিলে ৷ কিন্তু শান্তি চুক্তিৰ ন মাহ পাৰ হোৱাৰ পিছতো এই সকল এনডিএফবি সদস‍্যই শান্তি চুক্তিত উল্লেখ কৰা ধৰণে পুনৰ সংস্থাপন লাভ কৰা নাই; এনডিএফবি সদস‍্য সকলৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত‍্যাহাৰ কৰি তেঁওলোকক কাৰাগাৰৰ পৰা মোকলাই অনাৰ ব্যৱস্থাও গ্ৰহণ কৰা নাই চৰকাৰে ৷

আনহাতে, বিটিআৰ চুক্তিৰ পিছটো সামাজিক আৰু অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভূগিছে সদস্যসকল ৷ যাৰ বাবে অৱশেষত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয় প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিয়ে ৷ প্ৰতিবাদৰ অন্তত চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে মুখ‍্যমন্ত্ৰীলৈ তেঁওলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক-মাছ,গাহৰি পালনেৰে স্বাৱলম্বীতাৰ পথ বাচি লোৱা এটা আত্নসহায়ক গোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.