ETV Bharat / state

আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ - আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দৈমালুপাৰাত সেনা-আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত নিহত হয় এজন এনডিএফবি (সংবিজিত) কেডাৰ ৷ নিহত কেডাৰজন এতিয়ালৈকে চিনাক্ত হোৱা নাই যদিও কেডাৰজনৰ পৰা মাৰনাস্ত্ৰসহ উদ্ধাৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ
আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ
author img

By

Published : Jan 5, 2020, 11:12 PM IST

চিৰাং, 5 জানুৱাৰীঃ ৰাজ্যত সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰোধী অভিযান ৷ শেহতীয়াকৈ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দৈমালুুপাৰাত সংঘটিত হোৱা এক সংঘৰ্ষত এনডিএফবি (সংবিজিত) গোটৰ এগৰাকী বিদ্ৰোহী নিহত হোৱাৰ লগতে মাৰনাস্ত্ৰসহ উদ্ধাৰ হৈছে বহুটো গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ তথা নথি-পত্ৰ

চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা অনুসৰি, গোপন খবৰৰ ভিত্তিত শনিবাৰৰ নিশাৰ পৰাই ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোত সেনা-আৰক্ষীয়ে চলাইছিল অভিযান ৷ এই অভিযানৰ সময়তে দেওবাৰে দিনৰ ভাগত দৈমালুপাৰা বনাঞ্চলত এজন সন্দেহজনক লোকৰ সৈতে মুখামুখি হয় অভিযানকাৰী দলটোৰ ৷

আৰক্ষীৰে সংঘৰ্ষত নিহত এজন এনডিএফবি কেডাৰ
সংঘৰ্ষত নিহত কেডাৰজন

অভিযানকাৰী দলটোৱে লোকজনক ৰখিবলৈ কোৱাত সেনা-আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা কৰে লোকজনে ৷ প্ৰত্যুত্তৰ অভিযানকাৰী দলটোৱেও লোকজনলৈ গুলিচালনা কৰে ৷ অভিযানকাৰী দলটোৰ গুলিৰ ফলত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক কাজলগাঁৱৰ জেএছবি চিকিৎসালয় ভৰ্তি কৰোৱা হয় ৷

সংঘৰ্ষৰ বিষয়ে ব্যক্ত কৰি থকা অৱস্থাত আৰক্ষী অধীক্ষক

অৱশ্যে চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰা হৈছে ৷ অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, দুটা গ্ৰেনেড, 15 জাঁই সজীৱ গুলি, পাঁচটা খালি কাৰ্টুজ, 4টা একে ছিৰিজৰ গুলিৰ খালী কাৰ্টুজ, নগদ 48,500 টকাৰ লগতে বহুটো গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ কৰে ৷ সেনা-আৰক্ষীৰ গুলিত নিহত হোৱা লোকজন বিদ্ৰোহী সংগঠন এনডিএফবি (সংবিজিত) গোটৰ সদস্য বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ অৱশ্যে বিদ্ৰোহী সদস্য়গৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ আনহাতে সমগ্ৰ অঞ্চলটোতে এতিয়াও সেনা-আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ দৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী

Intro:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দৈমালুপাৰাত সেনা-আৰক্ষীৰে এন ডি এফ বি(ছা)ৰ সংঘৰ্ষ,এজন নিহত । মাৰনাস্ত্ৰ সহ গুৰুত্বপুৰ্ণ নথী পত্ৰ উদ্ধাৰ ।

Body:চিৰাঙত সেনা-আৰক্ষীৰে উগ্ৰপন্থী সংগঠন এন ডি এফ বি (ছা)ৰ সংঘৰ্ষ । জিলাখনৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীং দৈমালুপাৰাত সংঘটিত হয় এই সংঘৰ্ষ । চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে গোপন সুত্ৰে পোৱা তথ্যৰ ভিত্তিত ভাৰত-ভূটান সীমান্তৰ উক্ত ঠাইত সেনা-আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাইছিল । যোৱা চাৰি জানুৱাৰীৰ পৰা ভাৰত-ভূটান সীমান্তৰ ঘন অৰন্যত কেবাঠাইত ধাৰাবাহিক ভাৱে চলাইছিল অভিযান । উক্ত অভিযানৰ মাজতে আজি বিয়লি আনুমানিক ১ বজাত দৈমালুপাৰাৰ বনাঞ্চলত এজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰি ৰখিবলৈ কোৱাত লোকজনে সেনা-আৰক্ষীলৈ গুলিচালনা কৰে । আৰু তাৰ প্ৰতি উত্তৰত সেনা-আৰক্ষীয়েও গুলি চালন কৰে । কিছু সময় মুখামুখি সংঘৰ্ষৰ পিচত গুলিচালনা বন্ধ হয় আৰু তেতিয়া সেনা-আৰক্ষীয়ে অঞ্চলটোত সাৱধানে তালাচি চলায় । তালাচিত দুটা পিস্থল,দুটা গ্ৰেনেড, ১৫ জাই সজিৱ গুলি,পাঁচটা খালি কাৰ্টুজ,৪ টা একে চিৰিজৰ গুলিৰ খালি কাৰ্টুজ,নগদ টকা ৪৮৫০০.০০ টকা,
ভূটানী টকা,ভূটানী মোবাইল ছিম কাৰ্ড,ধন দাবী পত্ৰ সহ অন্যান্য গুৰুত্বপুৰ্ণ নথী পত্ৰ উদ্ধাৰৰ লগতে গুলিবিদ্ধ আহত এজন লোকক উদ্ধাৰ কৰে । গুলিবিদ্ধ লোকজনক কাজলগাঁওৰ জে এচ বি চিকিৎসালয়ত ভৰ্তি কৰোৱাত চিকিৎসকে মৃত বুলি ঘোষনা কৰে । এতিয়ালৈ মৃত উগ্ৰপন্থী সদস্য জন চিনাক্ত হোৱা নাই বুলি আৰক্ষী অধিক্ষক জনে জনায় । আৰক্ষীয়ে জনায় যে এয়া নিষিদ্ধ উগ্ৰপন্থী সংগঠন এন ডি এফ বি (ছা) ৰ সদস্য । অতিকে ভিতৰুৱা তথা ঘন অৰন্যৰ অঞ্চলটোত বৰ্তমানেও সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে বুলিও জনায় চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ।

বাইট : সুধাকৰ সিং,আৰক্ষী অধিক্ষক চিৰাং

Conclusion:এইখিনিতে উল্লেখ্য যে বিগত কিছু দিনৰ পৰা ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলত এন ডি এফ বি(ছা)ৰ তৎপৰতা বৃদ্ধি পাইছে আৰু ধন দাবীৰ হাৰো বৃদ্ধি পাইছে । সংগঠনটোৰ নেতা জি বিদাই আৰু বাথা ভাৰত-ভূটান সীমান্তৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বনাঞ্চলৰ সুযোগ লৈ ঘুৰা ফুৰা অব্যাহত ৰখাৰ লগতে সংগঠনটোত সদস্য ভৰ্তি অভিযানো চলাইছে । দুদিন পুৰ্বে এজন সদস্যক সেনা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰাৰ লগতে দুজনকৈ যোগাযোগকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল সেনা-আৰক্ষীৰ দলে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.