চিৰাং, 6 মাৰ্চঃ চিৰাঙৰ কাজলগাঁৱৰ পলাশগুৰিত বিদ্যুতস্পৃষ্ট এজন লোক নিহত হয়। চিদলী থানাৰ অন্তৰ্গত পলাশগুৰীৰ বাসিন্দা পাণ্ডু ছোৰেন (৪৫)নামৰ লোকজনে বুধবাৰে নিশাই ঘৰৰ পৰা ওলাই আহিছিল। তাৰ পিচতে বিয়লি কাজলগাঁওৰ পলাশগুৰিৰ কাৰ্বন ফেক্টৰীৰ ওচৰতে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক টাৱাৰত উঠিবলৈ লওতেই বিদ্যুতস্পৃষ্ট হৈ টাৱাৰৰ পৰা বাগৰি পৰি নিহত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। চিদলী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
চিৰাঙৰ পলাশগুৰিত বিদ্যুতস্পৃষ্ট হৈ এজন নিহত - চিৰাঙৰ কাজলগাঁৱ
বিয়লি কাজলগাঁওৰ পলাশগুৰিৰ কাৰ্বন ফেক্টৰীৰ ওচৰতে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক টাৱাৰত উঠিবলৈ লওতেই বিদ্যুতস্পৃষ্টহৈ টাৱাৰৰ পৰা বাগৰি পৰি নিহত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।