ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাবে আহত যুৱক - ভাৰত-ভূটান সীমান্ত

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্বৃত্তৰ আক্ৰমনত দুজন যুৱক গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷ এই আক্ৰমণ নিৰ্বাচন কেন্দ্ৰিক হোৱাৰ দাবী উখাপন কৰিছে ভূক্তভোগী যুৱকে ৷

Chirang election violence
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাবে আহত যুৱক
author img

By

Published : Aug 4, 2020, 11:52 PM IST

চিৰাং, 4 আগষ্ট : মঙলবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্বৃত্তৰ আক্ৰমনত দুজন যুৱক গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, সোমবাৰৰ নিশা প্ৰায় 9 বজাত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি-হাতীসাৰ অঞ্চলৰ 1 নং আই পোৱালীত এই ঘটনা সংঘটিত হৈছে । আইপোৱালিৰ সুত্ৰধৰ বস্তীৰ বাসিন্দা লাডু সুত্ৰধৰ,অনুজ গুৰুং,অমৃত সুত্ৰধৰ আৰু কিৰেন উৰীয়া নামৰ বন্ধু কেইজনে বাটত বহি থকাৰ সময়তে দুজন দুৰ্বৃত্তই খুকুৰীৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে ৷ এই আক্ৰমণৰ সময়ত একেলগে বহি থকা দাদগিৰিৰ খন্দ্ৰুগী আৰু নেপালী বস্তিৰ কোনোজ গুৰুঙে বাধা প্ৰদান কৰাত তেখেতক আক্ৰমণ কৰাৰো অভিযোগ উখাপন হৈছে । ইপিনে, শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত হৈ গুৰুতৰ ভাবে আহত হোৱা লাডু সুত্ৰধৰক চিকিৎসাৰ বাবে নিশাৰ ভাগতে বেংতললৈ আৰক্ষীয়ে লৈ আহে ।

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাবে আহত যুৱক

উক্ত ঘটনাৰ পিচত মঙলবাৰে উক্ত গাঁৱত এক শান্তি সভাৰ আয়োজন কৰি এই আক্ৰমণ ইউপিপিএল দলে কৰা বুলি দাবী উখাপন কৰিছে যুৱক কেইগৰাকীয়ে ৷ বিপিএফৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য খাম্পা বৰগয়াৰীয়ে এই ক্ষেত্ৰত ইউপিপিএল দলক দোষাৰোপ কৰি কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাই । ইউপিপিএল দলৰ গৱৰসিং বসুমতাৰী নামৰ লোকজনে এই আক্ৰমনৰ বাবে মূলত দায়ী বুলি উল্লেখ কৰে সকলোৱে ।

আনহাতে, লোকজন সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ সীমান্তৰ 1 নং আইপোৱালি গাঁৱত বড়ো জনবসতিৰ লগতে 130 টা সুত্ৰধৰ,30 টা নেপালি আৰু 3 টা উৰীয়া পৰিয়াল আছে । গাঁওখনৰ সকলো লোক বিপিএফৰ সমৰ্থক বুলি জনায় স্থানীয় লোকে সেয়ে ইউপিপিএল দলৰ লোকে প্ৰায়েই ভয় ভাৱুকিৰে ধমকি দিয়াৰ অভিযোগ উখাপন হৈছে ।

ইপিনে, ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী( এনডিএফবি(ছা) ৰ সম্পাদক বি আৰ ফেৰেঙ্গায়ে কয় যে ইউপিপিএল দলে কেতিয়াও কোনো লোকৰ ওপৰত আক্ৰমন কৰাত সমৰ্থন নকৰে বৰঞ্চ সদায় সমাজত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবেহে কাম কৰে । গতিকে, এই ঘটনাত ইউপিপিএল দল জড়িত নহয় বুলি দাবী জনায় । যদি কোনো লোকে ইউপিপিএল দলৰ সুযোগ লৈ এনে নীচ ঘটনা সংঘটিত কৰিছে তেন্তে প্ৰশাসনে শান্তি প্ৰতিষ্ঠাৰ বাবে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনায় । একেদৰে 14 নং চিৰাং দুৱাৰ সমষ্টি যুৱ ইউপিপিএল ব্লক সভাপতি প্ৰনয় বসুমতাৰীয়ে কয় যে, উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে ইউপিপিএল দলে এই ধৰণৰ আক্ৰমন সমৰ্থন নকৰে আৰু কাকো প্ৰশ্ৰয় নিদিয়ে । গতিকে প্ৰশাসনে এই কাণ্ডৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনায় । ইয়াত কোনো পধ্যেই ইউপিপিএল দল জড়িত নহয় বুলি স্পষ্ট কৰে নেতা জনে ।

বিটিচিৰ প্ৰাক্তন উপমুখ্য খাম্পা বৰগয়াৰী

লগতে পঢ়ক : কাৰ আশীৰ্বাদত বহিঃৰাজ্যৰ কোম্পানীয়ে লুটিলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত আবণ্টিত ধন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.