ETV Bharat / state

ক’ভিড বিধি সম্পৰ্কত চিৰাং উপায়ুক্তৰ কাৰ্যালয়ত সভা

author img

By

Published : May 1, 2021, 10:21 PM IST

বিভিন্ন ৰাজনৈতিক দলৰ এজেণ্টসকলে ভোট গণনাৰ দিনা মানি চলিবলগীয়া ক’ভিড বিধি সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত হয় এখনি সভা ৷ প্ৰতিজন বিষয়া, কৰ্মচাৰী তথা দলীয় এজেণ্টে ক’ভিড প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ নতুবা ৰেপিড এণ্টিজেন টেষ্টৰ নিগেটিভ প্ৰমাণপত্ৰ থাকিলেহে ভোটগণনা স্থলীলৈ অহাৰ অনুমতি লাভ কৰিব ৷

chirang election agent meeting
ভোটগণনাৰ সময়ত মানিবলগীয়া ক’ভিড বিধি সম্পৰ্কে চিৰাং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত সভা

চিৰাং,1 মে': চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ ভোটগণনা এজেণ্টসকলৰ সৈতে জিলা উপায়ুক্ত, জিলা নিৰ্বাচনী বিষয়াসকলে শনিবাৰে এখনি সভা অনুষ্ঠিত কৰে । ৩১নং চিদলী বিধানসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক অজয় যাদৱৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বিশেষকৈ ভোট গণনাত মানি চলিবলগীয়া ক’ভিড নীতি নিয়মৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।

ভোট গণনাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিজন বিষয়া, কৰ্মচাৰী তথা দলীয় এজেণ্টে ক’ভিড প্ৰতিষেধক দুপালিকৈ লোৱাৰ প্ৰমাণপত্ৰ নতুবা ৰেপিড এণ্টিজেন টেষ্টৰ নিগেটিভ প্ৰমাণ পত্ৰ থাকিলেহে ভোটগণনা স্থলীলৈ অহাৰ অনুমতি লাভ কৰিব বুলি জনায় । দেওবাৰে পুৱা ৮ বজাৰ পৰা প্ৰথমে পোষ্টেল বেলট আৰু তাৰ পাছত ইভিএমৰ ভোট গণনা কৰা হ’ব ।

ভোট গণনাত অংশগ্ৰহণ কৰা প্ৰতি তিনিজন এজেণ্টৰ মাজৰজনে পিপিই কীট পৰিধান কৰাটো বাধ্যতামূলক ৷ সভাত মাষ্টাৰ প্ৰশিক্ষক মহিবুল হক চৌধুৰী, অতিৰিক্ত জিলা উপায়ুক্ত, জনসংযোগ বিষয়া, সাংবাদিকসকলেও অংশগ্ৰহণ কৰে । জিলা দণ্ডাধীশে জাৰি কৰা নিষেধাজ্ঞাৰ ওপৰতো সভাত আলোচনা হয় । ক’ভিড বিধি অনুসৰি ভোটগণনাৰ দিনা পাঁচজনতকৈ অধিক লোক জমা হোৱা, ফটকা ফুটোৱাৰ অথবা বিজয় উৎসৱ পালন কৰা আদি কাৰ্যত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশে ৷

লগতে পঢ়ক : ৰিতুল শইকীয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.