ETV Bharat / state

ৰৌমাৰীৰ তেল ডিপোত ভেজাল তেল

author img

By

Published : Jun 11, 2019, 5:40 AM IST

Updated : Jun 11, 2019, 9:01 AM IST

চিৰাঙৰ ৰৌমাৰীস্থিত ইণ্ডিয়ান অইলৰ তেল ডিপোত উলাইছে ভেজাল তেল । ভেজাল তেল ব্যৱহাৰ কৰি ইতিমধ্যে বহু কেইগৰাকী লোকৰ বাহন হৈছে ক্ষতিগ্ৰস্ত ৷ সোমবাৰে পূৱাৰে পৰা ক্ষতিপূৰণ বিচাৰি ভোক্তভোগী সকল আহি ডিপোত উপস্থিত হৈছে যদিও তেল ডিপোত তলা লগাই পলাতক মালিকৰ লগতে সকলো কৰ্মচাৰী ৷

etv bharat

চিৰাং, 11 জুন: চিৰাঙৰ ৰৌমাৰীৰ এটা তেল ডিপোত ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগ গ্ৰাহকৰ ৷ অভিযোগ অনুসৰি ভেজাল তেল ব্যৱহাৰ কৰি ক্ষতি হৈছে বহু লোকৰ বাহন ৷ চিৰাং জিলাৰ ৰৌমাৰীস্থিত ইণ্ডিয়ান অইলৰ তেল ডিপোত সংঘটিত হৈছে এই কাণ্ড ৷ অভিযোগকাৰী সকলৰ মতে তেলৰ ৰং দেখিলেই তেলৰ গুণাগুণ বুজিব পাৰি ৷ উল্লেখ্য যে, ৰৌমাৰীৰ এই তেল ডিপোটোৰ স্বত্বাধিকাৰী হৈছে চিৰাং জিলাৰ বিপিএফৰ উপ-সভাপতি শশাংক ব্ৰহ্ম ৷

ৰৌমাৰীৰ তেল ডিপোত ভেজাল তেল

ক্ষতিপূৰণ বিচাৰি সোমবাৰে পূৱাৰে পৰা গ্ৰাহকসকল তেল ডিপোত আহি ভিৰ কৰেহি যদিও তলা বন্ধ কৰি পলায়ন কৰে তেল ডিপোৰ কৰ্মচাৰীসকল ৷ অভিযোগ অনুসৰি তিনিদিন ধৰি ডিপোটোত বিক্ৰী কৰি আহিছিল ভেজাল তেল ৷ এই বিষয়ে চিৰাং জিলা উপায়ুক্তক অৱগত কৰাৰ পাচত উপায়ুক্তই তেল ডিপোটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে অভিযোগকাৰীসকলক ৷

Slug : As_Chg_10th jun_801 to 804_Chirang duplicate petroll in Indian oil dipo_viz & byt_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাঙৰ ৰৌমাৰী স্থিত ইণ্ডিয়াল অইলৰ তেল ডিপোত ভেজাল তেল । বহুলোকৰ বাহন ক্ষতিগ্ৰস্থ,ক্ষতিপুৰন দাবী । 

চিৰাং জিলাৰ ৰৌমাৰীস্থিত ইণ্ডিয়াল অইলৰ তেল ডিপোত ভেজাল তেলৰ বাবে বহু লোকে ভিৰ কৰিছে । কাৰন যোৱা তিনিটা দিনত এইখন তেল ডিপোৰ পৰা যিসকল লোকে নিজৰ বাহনত তেল ভৰিছিল তেওঁলোকৰ প্ৰত্যাকৰ বাহন ক্ষতিগ্ৰস্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ কাৰী সকলে কয় যে চিৰাং জিলা বিপিএফৰ উপ সভাপতি শশাংক ব্ৰহ্ম মালিকানাধীন এই খনতেল ডিপোত ইতিমধ্যেই আজি ৰাতিপুৱাৰ ভাগত বহু লোকক তেলৰ দাম ঘুৰাই দিছে । কিন্ত তাৰ মাজতে ৰাতিপুৱা  দহ বজাৰ পিচৰ পৰা তেল ডিপো তলা মাৰি বন্ধ কৰি সকলো পলাতক । লোক সকলে আহি ভিৰ কৰিছে কিন্ত ডিপোখনৰ মালিক বা অইন কোনো কৰ্মচাৰীকো বিচাৰি পোৱা নাই । যাৰ বাবে চিৰাং জিলা উপায়ুক্তক অৱগত কৰাৰ পিচত উপায়ুক্তই তেল ডিপো খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়ে । 
   এই খিনিতে উল্লেখ কৰিব লাগিব যে তেল ডিপো খনৰ পেট্ৰলত যে ভেজাল কৰিছে সেয়া পেট্ৰল দেখিলেই সহজেই অনুমান কৰিব পাৰি পেট্ৰলৰ ৰং দেখিয়ে ।হালধীয়া  ৰঙৰ পেট্ৰল দেখিবলৈ পোৱা গন তেল ডিপোখনত । কিন্ত জিলা প্ৰশাসন বা যোগান বিভাগ তথা ভাৰতীয় তেল নিগমে কি ব্যৱস্থা গ্ৰহন কৰে তেল ডিপোখনৰ বিৰুদ্ধে তাৰ অপেক্ষাত আছে ভূক্ত ভোগি গ্ৰাহক সকল । প্ৰায় তিনি শতাধিক বিভিন্ন বাহন যেনে দুচকীয়া,তিনিচকীয়া,চাৰি চকীয়া আদি বাহন ক্ষতিগ্ৰস্থ হোৱাৰ মেৰামতি কৰিবলগীয়া হৈছে । গতিকে সাৱধান নিজৰ বিলাসী তথা পৰিশ্ৰমৰ ধনেৰে ক্ৰয় কৰা অতিকে মৰমৰ বাহনখনত তেল ভৰোৱাৰ পুৰ্ব্বে ভালদৰে পৰিক্ষা কৰিহে তেল ভৰিব অন্যথা নিৰ্ঘাত ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে । 

বাইট : দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jun 11, 2019, 9:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.