ETV Bharat / state

SOP মানি উদযাপন কৰক শাৰদীয় দুৰ্গোৎসৱ - Durga Puja 2024

author img

By ETV Bharat Assamese Team

Published : 5 hours ago

Durga Puja 2024: মাজত মাত্ৰ কেইটামান দিন । শাৰদীয় দুৰ্গোৎসৱৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি । প্ৰতিখন দুৰ্গোৎসৱ কমিটী এতিয়া ব্যস্ত হৈ পৰিছে প্ৰস্তুতি চলোৱাত । পিছে তাৰ মাজতে আহিল চৰকাৰী নিৰ্দেশ । কি আছে এই SOP ত ।

What are the rules that puja pandals have to follow in Durga Puja ?
SOP মানি উদযাপন কৰক শাৰদীয় দুৰ্গোৎসৱ (ETV Bharat Assam)

গুৱাহাটী,২৬ ছেপ্টেম্বৰ: দুৰ্গা পূজালৈ মাজত এতিয়া কেইটামান দিন বাকী । দুৰ্গাপূজাৰ পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিছে SOP । প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব এই সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী । জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি লাউড স্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্রদূষণ সম্পর্কীয় নিয়ম-নীতি মানি চলিব লাগিব । নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰ ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা ।

লগতে অস্থায়ীভাৱে নির্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো দর্শনার্থীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব লাগিব পূজা সমিতিসমূহে । সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত থকা সকলো নির্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়ালৈও জনোৱা হৈছে আহ্বান । দুর্গা পূজা শান্তিপূর্ণভাৱে পালন কৰাৰ লগতে দুর্গা পূজাৰ উৎসৱস্থলীত সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিষ্কাৰকৈ ৰখাৰ নিৰ্দেশনা জাৰী ।

জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থান নির্দিষ্ট কৰি ৰাখিবলৈও জাৰী কৰা হৈছে নিৰ্দেশনা । যিকোনো জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ বাবে চিকিৎসককে ধৰি এটি চিকিৎসা গোট ৰাখিব লাগিব সমিতিসমূহে । প্ৰতিখন পূজা মণ্ডপতে পর্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব । পূজাকমিটীৰ বিষয়ববীয়া তথা স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত । ভিআইপিক নিমন্ত্ৰণ জনালে আৰু পূজাস্থলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ স্থানীয় আৰক্ষী থানাত জনাব লাগিব ।

সমান্তৰালভাৱে পূজা কমিটীৰ বিষয়ববীয়া তথা স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত । ইয়াৰোপৰি পূজাস্থলীত মাদকদ্রব্য আৰু নিচাজাতীয় দ্রব্য নিষিদ্ধ কৰাৰো নিৰ্দেশনা । মণ্ডপ খালী হৈ থকা সময়ত সুৰক্ষাৰ বাবে পূজা মণ্ডপত ৰখীয়া থকাটো নিশ্চিত কৰিব লাগিব সমিতিসমূহে । জন সমাগম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা ।

লগতে পূজা মণ্ডপৰ আশেপাশে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব লাগিব । বিজুলী সংযোগ ব্যাহত হ'লে এইক্ষেত্রত পর্যাপ্ত বিজুলী সৰবৰাহ সুনিশ্চিত কৰাৰ কাৰণে জেনেৰেটৰৰ ব্যৱস্থা কৰিব লাগিব সমিতিসমূহে । স্থানীয় আৰক্ষীৰ লগত আলোচনা কৰি গুৰুত্বপূৰ্ণ স্থানসমূহত পর্যাপ্ত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰাৰো প্ৰদান কৰা হৈছে নিৰ্দেশনা । প্রতিমা বিসর্জনৰ সময়ত জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে বান্ধি দিয়া নিয়মসমূহ মানি চলিব লাগিব সমিতিসমূহে ।

ভক্তপ্ৰাণ ৰাইজৰ সুবিধার্থে প্রতিখন পূজা সমিতিয়ে একোটা ২৪x৭ সহায়ক কক্ষ স্থাপন কৰিব লাগিব । প্রতিমা বিসর্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা আদি ফুটাৱ নোৱাৰিব । বিসৰ্জনৰ দিনাখন সকলো পূজা সমিতিকে তেওঁলোকৰ শোভাযাত্ৰা দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰাৰ বাবে আহ্বান । পূজা সমিতিৰ সকলো সদস্যকে বিশেষকৈ যুৱ সদস্যসকল আৰু আন শোভাযাত্রাকাৰীয়ে যাতে কোনোধৰণৰ অসামাজিক কার্যত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ নিৰ্দেশ ।

পূজা সমিতিসমূহক পূজা সম্পর্কীয় সকলো বেনাৰ, হার্ডিং, পোষ্টাৰ, তোৰণ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান । ৰাজহুৱা পথৰ ওপৰত পূজা পেণ্ডেল সাজিব নোৱাৰিব । পোষ্টাৰ বেনাৰ লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্রাকৃতিক সম্পদ নষ্ট কৰিব নুৱাৰিব । ৰাজহুৱা স্থানত কোনো কার্য্যালয় তথা বিপণি আদি স্থাপন কৰিব নোৱাৰিব । পেণ্ডেলৰ ১০০ মিটাৰৰ ভিতৰত যান-বাহন থোৱাৰ অনুমতি প্ৰদান নকৰিবলৈ পূজা সমিতিক আহ্বান ।

লগতে পঢ়ক: দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ? - Durga Puja 2024

পাঁচশ বছৰতকৈও পুৰণি ৰীতি-নীতিৰে চলা এখন বিশেষ দুৰ্গা পূজা - Durga Puja 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.