চিৰাং, 6 জুনঃ চিৰাং জিলাৰ কাজলগাঁও পৌৰসভাৰ 3 নং ৱাৰ্ডৰ ঢালিগাঁও বজাৰৰ স্বচ্ছ ভাৰত অভিযানৰ বাস্তৱ চিত্ৰ । কাজলগাঁও পৌৰ সভাত ধোঁৱাচাঙত তুলিছে স্বচ্ছ ভাৰত অভিযান মিছনে । বঙাইগাঁও শোধনাগাৰ উপনগৰী(টাউনশ্বিপ)ৰ মূল পথত থকা বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ ওচৰতে ঢালিগাঁও বজাৰৰ পেলনীয়াবোৰ ডাষ্টবিনত নেপেলায় বাহিৰত পেলোৱাৰ বাবেই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । যাৰ বাবে নাকে-মুখে ৰুমাল বা কাপোৰেৰে নঢকাকৈ পথচোৱাৰে পাৰ হোৱাটো অসম্ভৱ হৈ পৰিছে পথচাৰীৰ বাবে ৷ অঞ্চলবাসীয়ে জাৱৰ দম সন্দৰ্ভত পৌৰসভা বা ঢালিগাঁও বজাৰ কৰ্তৃপক্ষক অৱগত কৰে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে বৰ্তমান পৰ্যন্ত ৷
চিৰাঙৰ ঢালিগাঁৱত স্বচ্ছ ভাৰতৰ অস্বচ্ছ ৰূপ ! - assam news
বঙাইগাঁও শোধনাগাৰৰ উপনগৰী(টাউনশ্বিপ)ৰ মূল পথত থকা বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ ওচৰতে ঢালিগাঁও বজাৰৰ পেলনীয়াবোৰ ডাষ্টবিনত নেপেলায় বাহিৰত পেলোৱাৰ বাবেই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।