ETV Bharat / state

চিৰাঙত ৰবৰ খেতিয়কক প্ৰদান নিন্মমানৰ সামগ্ৰী

চিৰাঙত ৰবৰ খেতিয়কক জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ যন্ত্ৰ যোগানৰ নামত যোগান ধৰা হয় নিম্নমানৰ সামগ্ৰী ।

চিৰাঙত ৰবৰ খেতিয়কক প্ৰদান নিন্মমানৰ সামগ্ৰী
author img

By

Published : Jun 28, 2019, 5:08 AM IST

চিৰাং, ২৭জুন : চিৰাঙত ৰবৰ খেতিয়কক জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ যন্ত্ৰ যোগানৰ নামত নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । বিটিচি প্ৰশাসনে চিৰাং জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে জিলাখনৰ ৰবৰ খেতিয়কক প্ৰদান কৰাৰ কথা আছিল স্ম'ক হাউছ (ধোৱা দিয়া ঘৰ)ৰ লগতে অন্যান্য সামগ্ৰী । কিন্তু স্ম'ক হাউছ অতি নিম্ন মানৰ হোৱাত ৰবৰ খেতিয়কসকলে ল'বলৈ অমান্তি হয় । খেতিয়কসকলে সামগ্ৰীসমূহ লব'লৈ অমান্তি হোৱাত বিটিচিৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জড়িয়তে কৃষকলৈ প্ৰদান কৰা অন্যান্য সামগ্ৰীৰ লগতে ১২ টাকৈ স্ম'ক হাউছ চিৰাং জিলাৰ উদ্যোগিক বিভাগে ঘূৰাই পঠিয়াই । কিন্তু বৃহস্পতিবাৰে এই মেচিন ল'বলৈ ১২ জনকৈ ৰবৰ কৃষকে যাৱতীয় নথি-পত্ৰ সহ উপস্থিত হয় যদিও ৰবৰ উৎপাদনৰ স্ম'ক হাউছ মেচিনসমূহ অতি নিম্ন মানৰ হোৱাত গ্ৰহণ কৰিবলৈ অমান্তি হয় । অৱশেষত ৬১ জন খেতিয়কক প্ৰদান কৰা হয় স্মক হাউছৰ লগতে অন্যান্য সামগ্ৰী ।

Intro:চিৰাঙত ৰবৰ খেতিয়কক জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ যন্ত্ৰ যোগানৰ নামত নিম্ন মানৰ যন্ত্ৰ যোগান ধৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ।

Body:বিটিচি প্ৰশাসনে চিৰাং জিলাৰ উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ জড়িয়তে জিলাখনৰ
ৰবৰ খেতিয়কক প্ৰদান কৰিব বিচৰা ৰবৰ উৎপাদনত ব্যৱহাৰ কৰা স্মক হাউছ(ধোৱা দিয়া ঘৰ) অতি নিম্ন মানৰ হোৱাত ৰবৰ খেতিয়ক হিতাধিকাৰীয়ে ল'বলৈ অমান্তি হৈছে ৷ বিটিচিৰ উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ জৰিয়তে কৃষকলৈ প্ৰদান কৰা অন্যান্য সামগ্ৰীৰ লগতে উল্লিখিত ১২ টাকৈ স্মক হাউছ অৱশেষত চিৰাং জিলাৰ উদ্যোগিক বিভাগে ঘূৰাই পঠিয়ালে ৷ হিতাধিকাৰী সকলে প্ৰকাশ কৰামতে, বিগত ১১ জুনত কাজলগাঁৱত ৰবৰ উৎপাদনত ব্যৱহাৰ কৰা ৰাবাৰ ৰলাৰ মেচিন সহ অন্যান্য সামগ্ৰী বিতৰণ কৰে যদিও স্মক হাউছ মেচিন আহি পোৱা নাছিল ৷ আজি এই মেচিন ল'বলৈ ১২ জনকৈ ৰবৰ কৃষকে যাৱতীয় নথি-পত্ৰ সহ উপস্থিত হয় যদিও গ্ৰহণ কৰিবলগীয়া ৰবৰ উৎপাদনৰ স্মক হাউছ মেচিন সমুহ অতি নিম্ন মানৰ হোৱাত গ্ৰহণ কৰিবলৈ অমান্তি হয় ৷ চিৰাং জিলা ঔদ্যোগীক বিভাগে জিলাখনৰ মুঠ ৬১ গৰাকী হিতাধিকাৰীক বিভিন্ন সামগ্ৰী প্ৰদান কৰে যদিও উল্লিখিত স্মক হাউছ মেচিন মানদণ্ড নোহোৱাত যোগানকাৰী ঠিকাদাৰৰ হাতত গটাই দিব বুলি প্ৰকাশ কৰিছে ৷ প্ৰকৃত কৃষকক সামগ্ৰী যোগানৰ নামত ঠিকাদাৰে দূৰ্নীতিৰ আশ্ৰয় লোৱাত জিলাখনৰ ৰবৰ কৃষক সকলে আশ্চৰ্য প্ৰকাশ কৰিছে ৷

বাইট : ৰবৰ খেতিয়ক । Conclusion:এই দৰেই শুন্য সহনশীল অসম চৰকাৰৰ সহযোগি বিটিচি প্ৰশাসনত দুৰ্নিতীয়ে গা কৰি উঠিছে । প্ৰায় প্ৰতিটো বিভাগতে সংঘটিত হৈছে বিয়াগোম কেলেঙ্কাৰী । কিন্ত কোনো ধৰোতা নাই বা তদন্ত কৰোতাও নাই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.