ETV Bharat / state

বিটিচি নিৰ্বাচনঃ চিৰাঙত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সংবাদমেল

বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি চি পৰিষদীয় সমষ্টিৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ সাজু হৈছে চিৰাং জিলা প্ৰশাসন । কোকৰাঝাৰ জিলাৰ লগতে চিৰাং জিলাতো অহা দহ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে ।

author img

By

Published : Dec 8, 2020, 9:57 PM IST

chirang-dc-and-sp-press-meet
বিটিচি নিৰ্বাচনঃ চিৰাঙত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সংবাদমেল

চিৰাং, 8 ডিচেম্বৰ : বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি চি পৰিষদীয় সমষ্টিৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ সাজু হৈছে চিৰাং জিলা প্ৰশাসন । কোকৰাঝাৰ জিলাৰ লগতে চিৰাং জিলাতো অহা দহ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে। চিৰাং জিলাত মুঠ সাতটা পৰিষদীয় সমষ্টিত মুঠ ৩৪ জন প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াৰ ভিতৰত ২৯ গৰাকী পুৰুষৰ লগতে পাঁচ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে । জিলাখনৰ জনজাতি সংৰক্ষিত ১৩ নম্বৰ চিৰাং সমষ্টিত পাঁচজন, ১৪ নম্বৰ চিৰাং দুৱাৰ সমষ্টিত তিনিজন, ১৫ নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিত পাঁচজন, ১৬ নম্বৰ নিছিমা পৰিষদীয় সমষ্টিত তিনিজন, ১৭ নম্বৰ সুবাইঝাৰ সমষ্টিত চাৰিজন, ১৮ নম্বৰ মানাস ছেৰফাং সমষ্টিত চাৰিজন আৰু ১৯ নম্বৰ মুকলি থুৰিবাৰী সমষ্টিত সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩,৬৮,১৮৮ গৰাকী । জিলাখনত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,৮৪,৬৮৩ আৰু মহিলা ভোটাৰ হৈছে ১৮৩৫০৫ গৰাকী। ইপিনে জিলাখনৰ মুঠ ৪৬১ টা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে প্ৰকাশ কৰা মতে, জিলাখনৰ কাজলগাঁও মহকুমাত প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । ক'ভিড ১৯ ত চৰকাৰী বিধি অনুসৰি কাইলৈ কাজলগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা ভোট গ্ৰহণকাৰী প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ লগতে আৰক্ষী-নিৰাপত্তাৰক্ষী ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব ।

একেদৰে জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয় যে, জিলাখনত ৭ টা কোম্পানী পুৰ্বৰে পৰা আছে আৰু এতিয়া অসম আৰক্ষীৰ বেটেলিয়নৰ পৰা 7শ নিৰাপত্তা বাহিনীৰ লোক মোতায়ন কৰি জিলাখনত কটকটীয়া নিৰাপত্তাৰ ব‍্যৱস্থা গঢ়ি তুলা হৈছে। সকলো ভোটগ্ৰহণ কেন্দ্ৰত দুই তৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব বুলিও উল্লেখ কৰে ।
লগতে পঢ়ক: কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.