ETV Bharat / state

আই নৈৰ বান-খহনীয়া পৰিদৰ্শন চিৰাং প্ৰশাসনৰ

author img

By

Published : Jun 19, 2021, 10:39 PM IST

চিৰাঙৰ বিজনীৰ আই নৈৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ জিলা উপায়ুক্ত আৰু বিধায়কৰ । বান আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান ৷ বিজনীৰ মাজৰাবাৰী, খুজৰাবগুৰি, নোৱাপাৰাকে আদি কৰি কেবাটাও অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰে জিলা উপায়ুক্ত আৰু বিজনীৰ বিধায়কগৰাকীয়ে ৷

Chirang Dc and MLA visit flood effect area
আই নৈৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন চিৰাং প্ৰশাসনৰ

চিৰাং, 19 জুন : বাৰিষা সমাগত ৷ এতিয়াও হৈ উঠা নাই বান নিয়ন্ত্ৰণ আৰু খহনীয়া প্ৰতিৰোধৰ কাম । শনিবাৰে চিৰাং জিলাৰ বিজনীৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয় চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অবিৰাম মহানায়ক, বিটিআৰৰ মনোনীত সদস্য প্ৰদীপ বায়নসহ জলসম্পদ বিভাগৰ বিভিন্ন বিষয়া-অভিযন্তাসকলে ।

দলটোৱে বিজনীৰ মাজৰাবাৰী, খুজৰাবগুৰি, নোৱাপাৰাকে আদি কৰি কেবাটাও অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ উক্ত অঞ্চলত বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে । বান নিয়ন্ত্ৰণ সন্দৰ্ভত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কয় যে, ইতিমধ্যে বাৰিষা আহিয়ে গৈছে ৷ গতিকে এই সময়ত আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আই নৈকে আদি কৰি বিভিন্ন নৈৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো ।

আই নৈৰ বান-খহনীয়া পৰিদৰ্শন চিৰাং প্ৰশাসনৰ

যিমান সম্ভৱ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰা হ’ব বুলি জনায় উপায়ুক্তজনে । বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে কয় যে, ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে এইসমূহ অঞ্চলত তাণ্ডৱ চলায় । খহনীয়া আৰু বান নিয়ন্ত্ৰণৰ বাবে আঁচনি ল’ব লাগে যদিও আমি পৰ্যাপ্ত সময় পোৱা নাই ৷

নতুন চৰকাৰ গঠন হোৱা মাত্ৰ এমাহ হৈছে, যদিও আমি এইক্ষেত্ৰত যথেষ্ট চেষ্টা কৰি আছো যাতে বানপীড়িত ৰাইজক কিছু হ’লেও সকাহ দিব পৰা যায় । সেয়ে জলসম্পদ বিভাগৰ লোকক লগত লৈ আহি আমি বান প্ৰতিৰোধৰ পৰিকল্পনা কৰি আছো বুলি জনায় বিধায়কজনে ।

উল্লেখ্য যে, মাজৰাবাৰী, খুজৰাবগুৰীত মথাউৰি ছিগি বিগত বৰ্ষত আই নৈৰ বাঢ়নী পানী আৰু খহনীয়াই ব্যাপক ক্ষতিসাধন কৰিছিল ৷ বিগত এটা বছৰে চৰকাৰে মথাউৰিৰ পুনৰ নিৰ্মাণ তথা বান-খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । বাৰিষা অহাৰ পাছতহে চৰকাৰ, প্ৰশাসনে তৎপৰতা দেখুওৱা বুলি মন্তব্য কৰে একাংশ ৰাইজে ৷

লগতে পঢ়ক : নাৰেংগীত আছু নেতাক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.