চিৰাং, 25 জুলাইঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিজনী চহৰত দেখিবলৈ পোৱা গ’ল উদীয়মান যুৱক-যুৱতী সকলৰ আদৰণীয় পদক্ষেপ ৷ কৰ’ণা সজাগতা বৃদ্ধিৰ চেষ্টা চিত্ৰ আঁকি ৷
বিজনী পৌৰসভাৰ সহযোগত চহৰ খনৰ বিভিন্ন ঠাইত কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে একাংশ যুৱক-যুৱতীয়ে ৰদ-বৰষুণক নেওচি ওলাই আহিছে কৰ’ণা সম্বন্ধে চিত্ৰাংকন কৰিবলৈ ৷ পকী বেৰত ছবি আকি স্পষ্টকৈ বুজাই দিয়ে যে,সামাজিক দুৰত্ব বজাই ৰাখক,মাস্ক পৰিধান কৰক,ঘৰ চৌহদৰ পৰা ওলাই আহোতে সাৱধান হওক !
![সজাগতা বৃদ্ধিৰ চেষ্টা একাংশ যুৱক-যুৱতীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangcovidawarenessartatbijni-vis-10012_25072020190531_2507f_1595684131_922.jpg)
উল্লেখ যে ভাৰতত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷ ঠায়ে ঠায়ে দেখা গৈছে গণ সংক্ৰমণো ৷ কিন্তু এতিয়াও ভয়াৱহ কৰ’ণা সংক্ৰমণ প্ৰতিৰোধী স্বাস্থ্য বিভাগৰ নিয়ম উলংঘা কৰি চলা পৰিলক্ষিত হৈছে বহু লোক ৷ অসমৰ অন্য ঠাইৰ দৰে চিৰাঙৰ বিজনী চহৰতো অনুৰূপ অৱস্থা ৷ সেয়ে এইসকল লোকক সজাগ কৰিবলৈ শনিবাৰে ওলাই আহিল একাংশ উদীয়মান যুৱক-যুৱতী ৷ বিজনীৰ সচেতন মহলে শলাগ লৈছে এই সকল যুৱক-যুৱতীৰ প্ৰচেষ্টাক ৷
![ছবি আঁকি সজাগতা বৃদ্ধিৰ চেষ্টা একাংশ যুৱক-যুৱতীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangcovidawarenessartatbijni-vis-10012_25072020190531_2507f_1595684131_240.jpg)
লগতে পঢ়কঃ ছবি আঁকি উপাৰ্জন কৰা ধন বানাক্ৰান্তলৈ আগবঢ়ালে আমগুৰিৰ যুৱকে