চিৰাং, ১১ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ চিৰাং ভ্ৰমণ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে চিৰাং জিলা কংগ্ৰেছে । ব্যক্তিগত কাৰ্যসূচীৰে চিৰাঙলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অনন্ত ৰায় বাসগৃহলৈ যোৱাক লৈ তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে ।
বৃহস্পতিবাৰে কজলগাঁও প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চিৰাং জিলা কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক অনিৰ্বাণ সেনে কয় যে, অনন্ত ৰায়ৰ বিৰুদ্ধে পশ্চিমবংগত কেইবাটাও গোচৰ ৰুজু হৈ আছে আৰু প্ৰায় ৫ বছৰ ধৰি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰত আত্মগোপন কৰাৰ কথা অনন্ত ৰায়ৰ নিজেই স্বীকাৰ কৰিছে ।
তেনেস্থলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনন্ত ৰায়ৰ দৰে এজন লোকক কিয় ব্যক্তিগতভাৱে সাক্ষাৎ কৰিলে বুলি প্ৰশ্ন কৰে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁ কয় যে, পশ্চিমবংগৰ নিৰ্বাচনকেন্দ্ৰিক আলোচনা কৰাৰ বাবে অমিত শ্বাহে অনন্ত ৰায়ৰ বাসগৃহলৈ আহিছে ।
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণ ব্যক্তিগত যদিও ৰাজ্য চৰকাৰে অনন্ত ৰায়ৰ ঘৰত কিয় চৰকাৰীভাৱে সুৰক্ষাৰ ব্যৱস্থা কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে । লগতে এই ব্যৱস্থাসমূহ কৰাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস জড়িত হৈ আছে বুলি মন্তব্য কৰে অনিৰ্বাণ সেনে ।
লগতে পঢ়ক:জোনাইত পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ