চিৰাং,9 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনি আইন বি টি চি ত প্ৰযোজ্য নহ’ব বুলি বিজেপি চৰকাৰে কোৱাৰ পিচতো বিশ্বাসত লোৱা নাই ৰাইজে ৷ সেয়ে বৃহস্পতিবাৰে কংগ্ৰেছৰ উদ্যোগত আন্দোলন কৰিবলৈ ওলাই আহে বি টি চি ৰ ৰাইজ ৷ প্ৰতিবাদকাৰী বিৰোধী দলটোৰ মতে,কোঁচ ৰাজবংশীসকলক চৰকাৰে স্বায়ত্ব শাসন প্ৰদান কৰাতো ললিপপৰ বাহিৰে একো নহয় । কিয়নো সমগ্ৰ অসমতে কোঁচ-ৰাজবংশী মানুহ আছে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিপৰীতে ডিভাইড এণ্ড ৰুল প্ৰয়োগ কৰি চৰকাৰে স্বায়ত্ব শাসনৰ আঁভুৱা ভৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । লগতে শাসকীয় দলটোৰ ভুৱা ষড়যন্ত্ৰত ভৰি নিদিবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছী নেতা ৰিপুণ বৰাই ।
চিৰাং জিলাৰ বাসুগাঁওৰ ৰাজাচাৰাং পথাৰৰ পৰা বাহিৰ কৰা জনজাগৰণ যাত্ৰাটো বাসুগাঁওৰ মূলপথেৰে আহি ধান বজাৰ প্ৰেক্ষাগৃহত সামৰণি মাৰে ৷ যাত্ৰাৰ অন্তত এক সজাগতা সভাত আয়োজন কৰে দলটোৰ নেতৃবৰ্গই ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাসহ বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় আৰু অন্যান্য কেবাজনো নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে সভাখনত ৷ সভাৰ পিচত কংগ্ৰেছৰ নেতৃবৰ্গ যাত্ৰা কৰে কোকৰাঝাৰৰ গোসাইগাঁওলৈ ৷
লগতে চাওকঃতেজপুৰত আছুৰ নেতৃত্বত ৰাইজৰ আন্দোলন