ETV Bharat / state

বিজনীত মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী পালন - Chilaray divas, naranarayan divas, chirang, bijni

বিজনীৰ বল্লামগুৰিত উদযাপন কৰা হৈছে ৫১৩ সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু ৫১১ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী । বিজনী মহকুমা কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত কুকলুং আঞ্চলিক ছাত্র সন্থা আৰু বল্লামগুৰি শাখা ছাত্ৰ সন্থাৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বিজনীত ৫১৩ সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু ৫১১ সংখ্যক মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী পালন

author img

By

Published : Feb 27, 2021, 7:31 PM IST

চিৰাং, ২৭ ফেব্ৰুৱাৰী : জনগোষ্ঠীয় গীতৰ সুৰেৰে মুখৰিত হৈ পৰিছে চিৰাং জিলাৰ বিজনীৰ বল্লামগুৰি । দুদিনীয়া কাৰ্যসূচীৰে বল্লামগুৰিত উদযাপন কৰা হৈছে ৫১৩ সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু ৫১১ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী । বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ লগতে মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ বীৰ গাঁথা সোঁৱৰণ কৰে সকলোৱে ।

বিজনীত ৫১৩ সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু ৫১১ সংখ্যক মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী পালন
বিজনীত ৫১৩ সংখ্যক মহাৰাজ নৰনাৰায়ণ আৰু ৫১১ সংখ্যক মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী পালন

বিজনী মহকুমা কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানৰ শনিবাৰে সামৰণি পৰে । বল্লামগুৰি চিলাৰায় ভৱন প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয় । চিলাৰায় দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে শনিবাৰে বিজনীৰ মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু মাল্যাৰ্পণ কৰে ।

লগতে বিজেপি নেতা অজয় ৰায়ে গছ পুলি ৰোপন কৰে । মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় । আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোপাল ৰায়ে শোভাযাত্ৰাৰ উদ্বোধন কৰে । লগতে মুকলি সভাৰো আয়োজন কৰা হয় । সামৰণি অনুষ্ঠানত জনগোষ্ঠীয় গীত-নৃত্য প্ৰদৰ্শন কৰে কণ কণ শিশু আৰু যুৱক-যুৱতীসকলে ।

আনহাতে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৱৰ্তীকালীন পৰিষদ সন্দৰ্ভত আক্ৰাছুৰ বিজনী মহকুমাৰ সাধাৰণ সম্পাদক জগন্নাথ বৰ্মনে কয় যে, নৱনিৰ্বাচিত সদস্যসকলে যাতে জাতীয় স্বাৰ্থত কাম কৰি যায় সেয়াই তেওঁলোকে কামনা কৰে।

লগতে পঢ়ক:বিধায়কৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.