ETV Bharat / state

বৈষম্য আৰু বঞ্চনাৰ অৱসান ঘটাবলৈ আমি প্ৰয়োজন অনুপাতে কাম কৰিমঃ ভূপেন বৰা - বিটিআৰ চুক্তি

বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চিৰাঙত উপস্থিত কংগ্ৰেছৰ প্ৰতিনিধি দল ৷ সাম্প্ৰতিক পৰিস্থিতিৰ অধ্যয়ন কৰিবলৈ বিটিচিত উপস্থিত হয় কংগ্ৰেছৰ প্ৰতিনিধি দলটো ৷ দলটোত ভূপেন বৰাৰ উপৰিও ভূপেন দৈমাৰীকে ধৰি কেইবাজন লোক উপস্থিত থাকে ৷

Chirang BTR accord AICC secretary visit Bijni Assam Etv Bharat news
চিৰাঙত উপস্থিত কংগ্ৰেছৰ প্ৰতিনিধি দল
author img

By

Published : Feb 15, 2020, 5:29 PM IST

চিৰাং,15 ফেব্ৰুৱাৰীঃ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চিৰাঙত উপস্থিত কংগ্ৰেছৰ প্ৰতিনিধি দল ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মনোভাৱ জানিবলৈ প্ৰদেশ কংগ্ৰেছে গঠন কৰিছিল এক প্ৰতিনিধি দল ৷ সেইমৰ্মে দলটিয়ে শনিবাৰে বিটিচিৰ চাৰিওখন জিলাৰ জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰে ভাৱ বিনিময় কৰিবলৈ চিৰাঙত উপস্থিত হয় ৷ সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক ভূপেন বৰাৰ নেতৃত্বত অহা দলটোৱে জিলাখনৰ বিজনীত বিভিন্ন দল-সংগঠনৰ সৈতে বৈঠকত মিলিত হয় ৷

চিৰাঙত উপস্থিত কংগ্ৰেছৰ প্ৰতিনিধি দল

এই সন্দৰ্ভত ভূপেন বৰাই "আমি বিটিচিৰ জিলা কেইখন ভ্ৰমণ কৰি এটা কথা স্পষ্টকৈ বুজিছো যে সকলো লোকে শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰে ৷ লগতে সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰাতো কামনা কৰে ৷ বিটিআৰ চুক্তি অনুসৰি ভূমি অধিকাৰ তথা বিভিন্ন ক্ষেত্ৰত সম অধিকাৰ আৰু সম উন্নয়নৰ বিষয়টো বহুক্ষেত্ৰত থলুৱা তথা খিলঞ্জীয়া লোকসকলে যথেষ্ট বৈষম্য আৰু বঞ্চনাৰ সন্মুখীন হৈ আহিছে । এই বৈষম্য আৰু বঞ্চনাৰ অৱসান ঘটাবলৈ আমি কংগ্ৰেছ দলৰপৰা যিখিনি কৰিবলগীয়া সেই অনুপাতে কাম কৰিম" বুলি উল্লেখ কৰে ৷ কংগ্ৰেছৰ প্ৰতিনিধি দলটোত ভূপেন বৰাৰ উপৰিও ভূপেন দৈমাৰীকে ধৰি কেইবাজন লোক উপস্থিত থাকে ৷

লগতে চাওকঃছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ':দক্ষতা এটি কণমানিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.