চিৰাঙ,28 অক্টোবৰঃ চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লাময়লা বজাৰত বিপিএফৰ বৃহৎ জনসভা। বিয়লি 1:30 বজাৰ পৰা আৰম্ভ হোৱা জন সভাখনত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মই অংশ গ্ৰহণ কৰে । চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টীৰ এই জন সভাত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে কয় যে,বিটিআৰ চুক্তি বিটিচিবাসীৰ বাবে এখন বিষাক্ত চুক্তি। বিটিচিৰ বাহিৰৰ দুই এজন নেতা বিজেপিলৈ গৈছে সেয়া তেওঁলোকৰ কথা । তেওঁলোকৰ কথাত সকলো মানুহ নচলে বুলিও কয় হাগ্ৰামাই। বিটিআৰ চুক্তিৰ দুই নং দফা মতে চৰকাৰি ভূমি আৰু ট্ৰাইবেল বেল ব্লকৰ পৰা মানুহক উচ্ছেদ কৰিব লাগে কিন্ত আমি উচ্ছেদ নকৰি ভূমি পাট্টা প্ৰদান কৰিম বুলিও ভাষণ প্ৰসংগত কয় হাগ্ৰামা মহিলাৰীয়ে।
তেওঁ কয় যে,পৃথক বড়োলেণ্ডৰ দাবী এৰি যি বিটিআৰ চুক্তি কৰিলে সেয়া বিটিচি বাসীৰ বাবে সুবিধাজনক নহয় বৰঞ্চ ক্ষতিকাৰক হে। বিজেপিৰ লগত বিপিএফৰ মিত্ৰতা এতিয়াও চলিয়ে আছে । নিৰ্বাচনৰ পিচত এই বিষয়ে চুড়ান্ত সিদ্ধান্ত হ’ব মিত্ৰতাৰ প্ৰসংগত। চন্দন ব্ৰহ্ম আৰু হাগ্ৰামাৰ মাজত বা আন কাৰোৰে লগত কোনো মতানৈক্য নাই বুলিও স্পষ্টকৈ কয় হাগ্ৰমা মহিলাৰীয়ে । কাৰোবাৰ লগত যদি ব্যক্তিগত সংঘাট আছে সেয়া মই নাযানো । দলীয় ভাৱে বিপিএফৰ মাজত কোনো বিৰোধ নাই বুলি স্পষ্ট কৰে হাগ্ৰামাই। ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিটিচি নিৰ্ব্বাচন হ’ব বুলি কেবিনেট সিদ্ধান্ত হৈছে গতিকে তেতিয়ালৈ বিটিচিত ৰাজ্যপালৰ শাসন থাকিব বুলি কয় হাগ্ৰামাই। এই বাৰ বিটিচি নিৰ্বাচনত কোনো দলেই প্ৰভাৱ নেপেলায় বৰঞ্চ যোৱা বাৰতকৈ এই বাৰ অধিক ভাল হ’ব বিপিএফৰ আৰু ২৮/৩০ খন আসন বিপিএফে লাভ কৰাটো নিশ্চিত বুলি কয় হাগ্ৰামাই।
![Chirang BPF Public Meeting bTC election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangbpfpublicmeetingbtcelection-vis-10012_28102020180246_2810f_1603888366_311.jpg)
লগতে পঢ়কঃ ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ
হাগ্ৰামাই লগতে কয় যে,শান্তি হ’ল এন ডি এফ বিৰ সৈতে কিন্তু এতিয়াও ৰঞ্জন দৈমাৰী জেলত থাকিব লগীয়া হৈছে । এই বিষয়ে কোনেও কোনো কাম আগবঢ়োৱা নাই গতিকে বিটিচি নিৰ্বাচনৰ পিচত আমি এই বিষয়ে কাম আগবঢ়াই ৰঞ্জন দৈমাৰীক জেলৰ পৰা মোকলাই আনিম বুলি কয় হাগ্ৰামাই। হাগ্ৰামা মহিলাৰীয়ে আৰু কয় যে মুছলিম লোকে ইউ পি পি এল দল কৰিলে আল্লাই ক্ষমা নকৰিব। কাৰণ প্ৰমোদ বড়োৱে মুছলিমক গাহৰি মাংস খাবলৈ কৈছিল । সেইবোৰ কথা কোৱা নেতাৰ লগত থাকিলে আল্লাই ক্ষমা নকৰিব মুছলিম সম্প্ৰদায়ৰ লোক সকলক বুলি হাগ্ৰামাই কয়।
![Chirang BPF Public Meeting bTC election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangbpfpublicmeetingbtcelection-vis-10012_28102020180246_2810f_1603888366_968.jpg)
আনহাতে একেখন জনসভাতে উপস্থিত থাকি মন্ত্ৰী চন্দন ব্ৰহ্মই বিটিআৰ চুক্তি আৰু ইউ পি পি এল নেতৃত্বক কঠোৰ ভাৱে সমালোচনা কৰে। তেওঁ কয় যে, আজি ইউ পি পি এলে বিপিএফ নেতৃত্বক হোৱাই নোহোৱাই সমালোচনা কৰিছে আৰু ৰাইজক বিপথে পৰিচালিত কৰি আছে। নিৰ্বাচনৰ আগে আগে বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ কৰি বিপিএফ নেতৃত্বক দুৰ্নীতিৰ অপৰাধত জেলত পঠোৱাৰ চেষ্টা কৰিলে । কিন্ত আজি ৰাজ্যপালৰ শাসনৰ ছমাহ ওকলি গ’ল এটাও দুৰ্নীতি প্ৰমাণ কৰিব নোৱাৰিলে। গতিকে ইয়াৰ পৰাই বুজা যায় যে,বিপিএফ শাসন কালত কোনো দুৰ্নীতি হোৱা নাই। আজি এইখন জন সভাই প্ৰমাণ কৰিলে যে, বিপিএফ দল জিকিব সেয়া নিশ্চিত। আজিৰ এই সভাখন দলীয় সভা হৈ থকা নাই ১৩ৰ পৰা ১৫ হেজাৰ লোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে এয়া আচলতে বৃহৎগণ সভা।
লগতে পঢ়কঃসুচল যাতায়াতৰ অভাৱে দুৰ্ভোগ ভুগাইছে দলগাঁওবাসীক