ETV Bharat / state

নৱ শৰণীয়াৰ বিভাজনৰ ৰাজনীতি বিটিচিত নচলে : চন্দন ব্ৰহ্ম - নৱ শৰনীয়াৰ বিভাজনৰ ৰাজনীতি বিটিচিত নচলে

"বিগত সময়ছোৱাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি উন্নতি হৈছে সেয়া সকলোৱে শলাগ লৈছে । সেয়ে আজি ৰৌমাৰী ইউপিপিএলৰ প্ৰাথমিক সমিতিৰ সভাপতি অজয় মুচাহাৰীৰ নেতৃত্বত ১০৬ জন সদস্যই বিপিএফত যোগদান কৰি ৰৌমাৰীত ইউপিপিএল নিশেষ কৰিলে"

বিপিএফৰ সদস্য ভৰ্তি
author img

By

Published : Nov 18, 2019, 4:39 AM IST

Updated : Nov 18, 2019, 1:42 PM IST

চিৰা, 18 নৱেম্বৰ : দেওবাৰে চিৰাং জিলাৰ ৰৌমাৰীৰ সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত এখন সভাত ইউ পি পি এলৰ ১০৬ জন সদস্য-সদস্যাই আনুষ্ঠনিকভাৱে মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত বিপিএফ দলত যোগদান কৰে । জিলাখনৰ বিপিএফ দলে আয়োজন কৰা এই সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই বিপিএফত যোগদান কৰা সদস্যসকলক বড়ো সকলৰ পৰম্পৰাগত আৰ্ণাইৰে আদৰণি জনায় ।

উল্লেখ্য যে "বিগত সময়ছোৱাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি উন্নতি হৈছে সেয়া সকলোৱে শলাগ লৈছে । সেয়ে আজি ৰৌমাৰী ইউপিপিএলৰ প্ৰাথমিক সমিতিৰ সভাপতি অজয় মুচাহাৰীৰ নেতৃত্বত ১০৬ জন সদস্যই বিপিএফত যোগদান কৰি ৰৌমাৰীত ইউপিপিএল নিশেষ কৰিলে" বুলি অনুষ্ঠানত মন্ত্ৰীজনে মন্তব্য কৰে ।

বিপিএফৰ সদস্য ভৰ্তি

ইয়াৰোপৰি নৱ শৰণীয়াই বিটিচিৰ পৰা গাঁও কৰ্তন কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিলে কিন্ত আজিলৈ একো নহ'ল । আমাৰ অঞ্চলত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে । আমি নৱ শৰণীয়াৰ কথা মতে আমাৰ মাজতে বড়ো-অবড়োৰ বিভাজন কৰিলো,কোনো উন্নয়ন নহ'ল বুলি সাংসদ নৱ শৰণীয়াক সমালোচনা কৰি চন্দন ব্ৰহ্মই মন্তব্য কৰে ৷

Intro: ৰৌমাৰীত নিশেষ হৈছে ইউপিপিএল_চন্দন ব্ৰহ্ম ।
নৱ শৰনীয়াৰ বিভাজনৰ ৰাজনীতি বিটিচিত নচলে _চন্দন ব্ৰহ্ম ।

চিৰাঙৰ ৰৌমাৰীত ১০৬ জনৰ বিপিএফত যোগদান ।।

Body:

আজি বিয়লি ৩ বজাত চিৰাং জিলাৰ ৰৌমাৰীৰ সমুহীয়া কেন্দ্ৰ বিপিএফৰ সদস্য ভৰ্তি অভিযান । চিৰাং জিলা বিপিএফে আয়োজন কৰা এই সভাত ইউ পি পি এল ৰ পৰা ১০৬ জন সদস্য-সদস্যাই আনুষ্টানিক ভাৱে মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত বিপিএফ দলত যোগদান কৰে । মন্ত্ৰী চন্দন ব্ৰহ্মই নতুনকৈ বিপিএফ দলত যোগদান কৰা সদস্য সকলক বড়ো সকলৰ পৰম্পৰাগত আৰনাইৰে আদৰনি জনায় । তাৰ পিচতে মন্ত্ৰী জনে কয় যে বিগত সময়ছোৱাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি উন্নতি হৈছে সেয়া সকলোৱে শলাগ লৈছে । সেয়ে আজি ৰৌমাৰী ইউপিপিএলৰ প্ৰাথমিক সমিতিৰ সভাপতি অজয় মুচাহাৰীৰ নেতৃত্বত ১০৬ জন সদস্যই বিপিএফত যোগদান কৰি ৰৌমাৰীত ইউপিপিএল নিশেষ কৰিলে বুলি কয় মন্ত্ৰী চন্দন ব্ৰহ্মই । সাংসদ নৱ শৰনীয়াক সমালোচনা কৰি কয় যে বিটিচিৰ পৰা গাঁও কৰ্তন কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিলে কিন্ত আজিলৈ একো নহল । এই আৱেগ লৈ সাধাৰন মানুহৰ পৰা টকা সংগ্ৰহৰ লগতে দুবাৰকৈ সাংসদ হিচাবে নিৰ্ব্বাচিত হল । কিন্ত আমাৰ অঞ্চলত কোনো ধৰনৰ উন্নয়ন মুলক কাম একোৱেই নকৰিলে । লোকচান আমাৰেই হল । কাৰন আমি নৱ শৰনিয়াৰ কথা মতে আমাৰ মাজতে বড়ো-অবড়োৰ বিভাজন কৰিলো,কোনো উন্নয়ন নহল । ইউ পি পিএলেও এইদৰেই ৰাইজক আৱেগিক ভাৱে ব্লেক মেইল কৰি বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্টীত জয়ী হয় যদিও কিবা উন্নয়ন কৰিব নোৱাৰিলে ।
গতিকে ৰাইজে নিশ্চয় বুজিছে এই সমুহ কথা । সেয়ে আজি জাতী-ধৰ্ম নিৰ্বিশেষে বিটিচিৰ বিভিন্ন সমষ্টিত বিভিন্ন দলৰ লোকে হাগ্ৰামা মহিলাৰীৰ প্ৰতি আস্থা আনিপেলাই বিপিএফত যোগদান কৰি আছে । গতিকে নিশ্চয় ৰাইজে অহা বিটিচি নিৰ্ব্বাচনত বিপিএফ দলকে নিৰ্ব্বাচিত কৰিব বুলি মন্ত্ৰূ চন্দন ব্ৰহ্মই কয় । আজি অনুষ্টিত ৫ ম ত্ৰিবাৰ্ষিক সুবাইঝাৰ ব্লক বিপিএফৰ অধিৱেশনত প্ৰেমজিত গয়াৰীৰ নেতৃত্বত ২৫ জনকৈ ইউ পি পি এলৰ সদস্য বিপিএফ দলত যোগদান কৰে ।

বাইট : চন্দন ব্ৰহ্ম,মন্ত্ৰী ।

Conclusion:বিপিএফ দলৰ এইখন সভাত আজি চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্ম,উপ সভাপতি শষাঙ্ক ব্ৰহ্মকে আদি কৰি বহু সংখ্যক লোক উপস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Nov 18, 2019, 1:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.