চিৰাঙ, ২২জুন: বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ কুচকাৱাজ জোৰদাৰ হৈ উঠা পৰিলক্ষিত হৈছে। কৰ'ণাতংক অথবা লক ডাউনো হৈ পৰিছে গুৰুত্বহীন । মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত সোমবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁও স্থিত বিপিএফৰ জিলা কাৰ্যালয়ত আয়োজিত যোগদানৰ এক অনুস্থানত এআইইউডিএফৰ চিৰাং জিলা কমিটীৰ সভাপতি ছাবেত আলী, সম্পাদক মাজিজুল ইছলাম, তিনিজনকৈ উপ সভাপতি ক্ৰমে দুলু আলী, নয়ন আলী, আসান আলী, তিনিজন সহকাৰী সম্পাদক ক্ৰমে ৰেজ্জাক আলী, জইনুদ্দিন, আজবুল হক, সাংগঠনিক সম্পাদক আইবুদ্দিন আলী, প্ৰচাৰ সম্পাদক মোকছেদ আলীৰ ওপৰিও ইউডিএচএফৰ চিৰাং জিলা সভাপতি এজাজুল হকৰ নেতৃত্বত সম্পূৰ্ণ জিলা সমিতিয়ে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে । ইউপিপিএল দলৰ জিলা নিৰ্বাচনি সমিতিৰ সম্পাদক নুৰ জামাল শেখ, কংগ্ৰেছ দলৰ চিৰাং জিলা সমিতিৰ সাংগঠনিক সভাপতি ফুলমতি বিবিকে আদি কৰি সৰ্বমুঠ ২৫০গৰাকী লোকে মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত বিপিএফ দলত যোগদান কৰে ।
![Chirang BPF joining programme RTU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangbpfjoiningprogramme-vis-10012_22062020192345_2206f_1592834025_106.jpg)
বিপিএফ দলৰ হৈ মন্ত্ৰী চন্দন ব্ৰহ্মই সকলোকে একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনাই দললৈ আদৰে । যোগদানৰ এই অনুস্থানতে মন্ত্ৰী চন্দন ব্ৰহ্মই উল্লেখ কৰিলে, দিনটোত বিটিচিৰ বিভিন্ন ঠাইত বহু দলৰ পৰা বিপিএফ দলত হেজাৰ হেজাৰৰো অধিক লোকে যোগদান কৰিছে । বিগত দিনসমূহত বিপিএফ দলৰ নিৰপেক্ষতা তথা উন্নয়নৰ ধাৰা দেখি এই সকল লোকে বিপিএফ দললৈ ঢাপলি মেলিছে বুলি কলে মন্ত্ৰীগৰাকীয়ে । বিপিএফে আগন্তক বিটিচি পৰিষদীয় নিৰ্ব্বাচনত ৩০ খনকৈ আসনত জয়লাভ কৰি পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ পৰিষদ গঠন কৰিব বুলি কলে মন্ত্ৰীগৰাকীয়ে।
![Chirang BPF joining programme RTU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangbpfjoiningprogramme-vis-10012_22062020192345_2206f_1592834025_278.jpg)
বিটিচিৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হব সেয়া অনিশ্চয়তাৰ মাজত থাকিলেও নিৰ্বাচনৰ বতাহ এতিয়া ক্ৰমান্বয়ে গৰম হৈ উঠিছে বিটিচিত । অৱশ্যে কোন দলে শেষ হাঁহি মাৰিব সেয়া সময়ত দেখা পোৱা যাব যদিও বিজেপি, বিপিএফৰ লগতে শক্তিশালী ৰূপত অৱতিৰ্ণ হৈছে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে।
![Chirang BPF joining programme RTU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangbpfjoiningprogramme-vis-10012_22062020192345_2206f_1592834025_1016.jpg)