ETV Bharat / state

চিৰাঙত বড়ো সাহিত্য সভাৰ সফল সামৰণি

author img

By

Published : Jan 30, 2021, 9:16 PM IST

চিৰাঙত বড়ো সাহিত্য সভা আৰু বাৰ্ষিক অধিবেশনৰ সফল সামৰণি ৷ বহু কেইটা অনুষ্ঠানৰ জৰিয়তে সামৰণি পৰে অনুষ্ঠানৰ ৷ উপস্থিত বহু বিশিষ্ট ব্যক্তি ৷

chirang-boro-sahittya-sabha-conference
চিৰাঙত বড়ো সাহিত্য সভা আৰু বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

চিৰাং, 30 জানুৱাৰী : চিৰাং জিলাৰ বাসুগাঁও গয়বাৰীৰ জৌহৌলাও সৌমব্লা বসুমাতাৰী পথাৰত দুদিনীয়া কাৰ্যসূচীৰে চিৰাং জিলা বড়ো সাহিত্য সভা আৰু বাসুগাঁও শাখা সমিতিৰ বাৰ্ষিক অধিবেশনৰ সফল সামৰণি পৰে । 29 জানুৱাৰীৰ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ জৰিয়তে বাসুগাঁও শাখা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ শুভাৰম্ভ হয় । দুপৰীয়া অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ "চিৰাং নি থান্দৈ" ৰ আনুষ্ঠানিক উন্মোচন কৰা হয় ।

chirang-boro-sahittya-sabha-conference
অনুষ্ঠানৰ দৃশ্য

জিলা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি নগেন নাৰ্জাৰীয়ে আৰু স্মৃতি তৰ্পণ অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা সম্পাদক শুক্ৰজিৎ নাৰ্জাৰীয়ে । পৰৱৰ্তী সময়ত দেৱজিৎ বসুমতাৰীৰ সঞ্চালনত স্ব:ৰচিত কবিতা পাঠ অনুষ্ঠিত হয় । স্ব:ৰচিত কবিতা পাঠ অনুষ্ঠানৰ উদ্বোধন কৰে অধ্যক্ষ ডঃ ৰশেন মুছাহাৰীয়ে ।

chirang-boro-sahittya-sabha-conference
অনুষ্ঠানৰ দৃশ্য

লগতে পঢ়ক : প্ৰকৃততে 26 জানুৱাৰীত দিল্লীত কি হৈছিল ?

দুপৰীয়া জিলা সমিতিৰ সভাপতি নগেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাৰ আনুষ্ঠানিক উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা সদৌ খিলঞ্জীয়া জনজাতি সাহিত্য মঞ্চৰ কমলাকান্ত মুছাহাৰী । বিশিষ্ট অতিথিৰূপে ক্ৰমে, ভানুৰাণী ব্ৰহ্ম, পূৰ্ণিমা বৰগয়াৰী, প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ধৰ্মপত্নী বেণু বসুমতাৰী । সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমি বঁটা প্ৰাপ্ত সাহিত্যিক গোবিন্দ বসুমতাৰী, অনুবাদ সাহিত্য একাডেমী বঁটা প্রাপ্ত হৰি নাৰায়ণ খাকলাৰী সহ বহু সাহিত্য প্ৰেমী ৰাইজ ।

chirang-boro-sahittya-sabha-conference
অনুষ্ঠানৰ দৃশ্য

অধিৱেশনত বড়ো ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বড়ো সাহিত্য সভাই । অধিৱেশনত মাতৃভাষাত পাঠ দানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি বিটিআৰ প্ৰশাসনক অনুৰোধ জনায় ৷

লগতে পঢ়ক : অখিলৰ মুক্তিৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.