ETV Bharat / state

কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক বিদেশীৰ সন্দেহত জাননি প্ৰেৰণ - ভূমিপুত্ৰ কোচ ৰাজবংশী

এন.আৰ.চিৰ কাম হোৱাৰ পিচতো বিদেশী সন্দেহত ভূমিপুত্ৰ কোচ ৰাজবংশী লোকক সীমান্ত আৰক্ষীৰ জাননি প্ৰেৰণ কৰাৰ সৰ্ন্দভত তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ । হিন্দু প্ৰীতিৰে CAA'ৰ জড়িয়তে বিদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা চৰকাৰে ভূমিপুত্ৰ হিন্দু কোচ ৰাজবংশীক নাগৰিকত্বৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ ৷

Chirang Border police foregner notice
কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক বিদেশীৰ সন্দেহত জাননি প্ৰেৰণ
author img

By

Published : Oct 20, 2020, 10:39 PM IST

চিৰাঙ,20 অক্টোবৰঃ যি সময়ত চৰকাৰে হিন্দু প্ৰীতি দেখুৱাই নাগৰিকত্ব সংশোধনি আইনৰ জড়িয়তে বিদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়তে ভূমিপুত্ৰ কোচ ৰাজবংশীক বিদেশী সন্দেহত জাননী জাৰি কৰি হাৰাশাস্থি কৰাৰ অভিযোগ উত্থাপন হৈছে । বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ নামত পুনৰ চিৰাং জিলাৰ পশ্চিম এংকৰবাৰীৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ ৬৮ বছৰীয়া ব্যক্তি সুনীল বৰ্মনক বিদেশী বুলি সন্দেহ কৰি চিৰাঙৰ ধালিগাওঁ আৰক্ষীয়ে আৰক্ষী চকীত উপস্থিত হ’বলৈ জাননী প্ৰদান কৰিছে । এই কাৰ্যক কোচ ৰাজবংশী জাতীয় মহাসভাই তীব্ৰ গৰিহণা দিয়াৰ লগতে এসপ্তাহৰ ভিতৰত সুনীল বৰ্মনক দিয়া জাননী প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে দাবী জনাই ৷

Chirang Border police foregner notice
কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক বিদেশীৰ সন্দেহত জাননি প্ৰেৰণ

ইপিনে বিশ্বজিৎ ৰায়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে জাতি, মাটি, ভেটিৰ কথা কোৱাৰ লগতে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা কয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে বিদেশী হিন্দুক ভাৰতীয় নাগৰিকত্বৰ প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনলৈ ৰূপান্তৰিত কৰিলে; কিন্তু কেন্দ্ৰ আৰু অসম চৰকাৰে বিদেশী চিনাক্তকৰণ, বহিস্কাৰ আৰু ভাৰতীয় নাগৰিকক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত দুমুখীয়া নীতি গ্ৰহণ কৰি ভূমিপুত্ৰ কোচ ৰাজবংশীক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷

আনহাতে বিশ্বজিৎ ৰায়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, স্বাধীনচিতিয়া কোচ ৰাজবংশী সকলে নিজৰ সাৰ্বভৌমত্ব এৰি ১৯৪৯ চনত ভাৰতত চামিল হৈছিল ৷ কিন্তু ভাৰত চৰকাৰে কোচ ৰাজবংশীক যথোচিত সন্মান আৰু মৰ্যদা নিদি অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশী সকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে ৷ ভাৰত চৰকাৰে যদি কোচ ৰাজবংশী সকলক বোজা বুলি বা বিদেশী বুলি ভাবিছে তেতিয়াহ’লে কমতাপুৰ চুক্তি ভংগ কৰি নতুবা পৃথক কমতাপুৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি কোচ ৰাজবংশী সকলক আত্মমৰ্যাদা আৰু নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰি স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক বুলি চৰকাৰক আহ্বান জনায় কোচ ৰাজবংশী জাতীয় মহা সভাৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে ৷

লগতে পঢ়কঃ গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.