ETV Bharat / state

বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ - Chirang Bodo accord Welcome

চিৰাং জিলাসদৰ কাজলগাঁৱস্থিত পথাৰত বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ ৷ চুক্তি স্বাক্ষৰকাৰী এবছুৰ সভাপতি প্ৰমোদ বড়ো,সম্পাদক লৰেঞ্চ ইচলাৰী আৰু এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীক ৰাজহুৱা সম্বৰ্ধনা । লক্ষাধিক লোকৰ সমাগম ।

বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ
বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ
author img

By

Published : Jan 28, 2020, 9:48 PM IST

চিৰাং,28 জানুৱাৰীঃ চিৰাং জিলা সদৰ কাজলগাঁও পথাৰত আজি বড়ো চুক্তিৰ বিজয় উৎসৱ৷ লক্ষাধিক লোকৰ সমাগম ৷ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ সৈতে এবছু আৰু এনডিএফবিৰ চাৰিওটা গোটৰ ত্ৰিপাক্ষিক চুক্তিৰ পিচত পোনে পোনে চিৰাং জিলা সদৰ কাজলগাঁও আহি উপস্থিত হয় চুক্তি স্বাক্ষৰ কৰা একাংশ নেতা ৷

বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ

তৃতীয় বড়ো চুক্তিত স্বাক্ষৰ কৰা তিনিগৰাকী নেতা ক্ৰমে এবছুৰ সভাপতি প্ৰমোদ বড়ো, সম্পাদক লৰেঞ্চ ইচলাৰী আৰু এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীক বিপুল ভাৱে বাদ্য আৰু নৃত্যৰে সম্বৰ্ধনা জনায় উপস্থিত লোকসকলে ৷ অৱশ্যে চুক্তি স্বাক্ষৰ কৰা এন ডি এফ বি(ছা)ৰ নেতা সকলে এতিয়াও দিল্লী এৰিব পৰা নাই ৷ বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীও চিৰাঙত এবছুৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ৷

বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ

সম্বৰ্ধনা সভাত উদাত্ত কন্ঠে এবছুৰ সভাপতিৰ ভাষণ ৷ সকলো জাতি জনগোষ্ঠীৰ লোকক বি টি আৰৰ উন্নয়নৰ কামত সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় এবছুৰ নেতৃত্বই ৷ এই বি টি আৰ চুক্তি কেৱল বড়ো সকলৰ বাবেই নহয় সকলো লোকৰ বাবেই হৈছে বুলি উল্লেখ কৰে ৷

বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ

সভাত এনডিএফবি(প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰীয়েও উদাত্ত কন্ঠে ভাষণ দি কয় যে, দীৰ্ঘদিনীয়া আন্দোলনৰ পিচত আজি এই চুক্তি হৈছে উন্নয়ন আৰু শান্তিৰ বাবে ৷ সভাত ইউপিপি এলৰ সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই ভাষণত কয় যে, এতিয়াৰে পৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়নৰ বাবে কাম কৰিব ৷

Intro:চিৰাং জিলাসদৰ কাজলগাঁওস্থিত পথাৰত বড়ো চুক্তি ৰূপায়নৰ বিজয় উৎসৱ। চুক্তি স্বাক্ষৰকাৰী এবছুৰ সভাপতি প্ৰমোদ বড়ো,সম্পাদক লৰেঞ্চ ইচলাৰী আৰু এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীক ৰাজহুৱা সম্বৰ্ধনা । লক্ষাধিক লোকৰ সমাগম ।

Body:চিৰাং জিলা সদৰ কাজলগাঁও পথাৰত আজি বড়ো চুক্তিৰ বিজয় উৎসৱ। লক্ষাধিক লোকৰ সমাগম। নতুন দিল্লীত কেন্দ্ৰীয়,ৰাজ‍্য চৰকাৰৰ সৈতে এবছু আৰু এনডিএফবিৰ চাৰিওটা গোটৰ ত্ৰিপাক্ষিক চুক্তিৰ পিচত পোনে পোনে চিৰাং জিলা সদৰ কাজলগাঁও আহি উপস্থিত হয় চুক্তি স্বাক্ষৰ কৰা তিনিজন লোক ক্ৰমে এবছুৰ সভাপতি প্ৰমোদ বড়ো,সম্পাদক লৰেঞ্চ ইচলাৰী আৰু এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীক বিপুল ভাৱে বাদ‍্য আৰু নৃত‍্যৰে আদৰণি জনাই আনি সম্বৰ্ধনা জনায়। চুক্তি স্বাক্ষৰ কৰা এন ডি এফ বি (ছা)ৰ নেতা সকল বিভাগীয় কামৰ বাবে দিল্লীতে থাকিব লগীয়া হৈছে । বিটিচিৰ মুখ‍্য হাগ্ৰামা মহিলাৰী চিৰাঙত এবছুৰ উদ‍্যোগত আয়োজিত এই অনুষ্টানত উপস্থিত নহয়।
সম্বৰ্ধনা সভাত উদাত্ত কন্ঠে এবছুৰ সভাপতিৰ ভাষন । সকলো জাতী জনগোষ্টীৰ লোকক বিটিআৰৰ উন্নয়নৰ কামত সহযোগীতাৰ আহ্বান জনায় । এই চুক্তো বিটিআৰৰ সকলো লোকৰ বাবেই সম্পাদিত হৈছে কেৱল মাথো বড়ো সকলৰ বাবে নহয় বুলিও কয়।
সভাত এনডিএফবি(প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰীয়েও উদাত্ত কন্ঠে ভাষন দি কয় দীৰ্ঘদিনীয়া আন্দোলনৰ পিচত আজি এই চুক্তি হৈছে উন্নয়ন আৰু শান্তিৰ বাবে ।
সভাত ইউপিপি এলৰ সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্ম ই ভাসনত কয় এতিয়াৰে পৰা সকলো জাতী জনগোষ্টীৰ সম অধিকাৰ সম উন্নয়নৰ বাবে কাম কৰিব ।

বাইট : প্ৰমোদ বড়ো এবছু সভাপতি ।
গোবিন্দ বসুমতাৰী, সভাপতি এন ডি এফ বি( প্ৰ)
জয়ন্ত বসুমতাৰী, মুখপাত্ৰ এবছু।
খনিন বসুমতাৰী, সভাপতি চিৰাং জিলা এবছু ।

লগতে পিটিচি দিলো।

Conclusion:চিৰাং জিলা এবছুয়ে আয়োজন কৰা এই বিজয় উৎসৱত ইউপিপিএল,এনডিএফবি, পিপলচ জইন্ট এক্সন কমিটী ফোৰ বড়োলেণ্ড মুভমেন্ট,আগছু আদি বিভিন্ন দল সংগঠনে অংশগ্ৰহন কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.