চিৰাং,5 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাৰুগাঁওৰ আদিবাসী অঞ্চলত বিগত ১৭ বছৰৰ পৰা দুটা গাঁওৰ যাতায়ত ব্যবস্থা বিছিন্ন হৈ আছিল এখন দলঙৰ বাবে । গাঁও দুখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱাৰ বাবে পাঁচ কিলোমিটাৰ ৰাস্তা অন্য পথৰে অহাযোৱা কৰিব লগীয়া হৈছিল ৷
উল্লেখযোগ্য যে, লাৰুগাঁও বাসীয়ে বহুবাৰ বিজনীৰ স্থানীয় বিধায়ক লগ ধৰি ৰাইজে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ সমস্যা বিষয়ে অৱগত কৰি আহিছিল ৷ কিন্তু এই ক্ষেত্ৰত বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে সমস্যাটো সামাধান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
তাৰ পৰিপ্ৰেক্ষিত অঞ্চলটোৰ সমস্যা সামাধান কৰাৰ ক্ষেত্ৰত বিজনী বিজেপি দলৰ যুৱনেতা অৰুপ কুমাৰ নাথৰ নেতৃত্বত দুইখন গাঁৱৰ মাজত এখন বাহৰ দলং নিৰ্মাণ কৰি দিছে ৰাইজৰ সুবিধা হোৱাকৈ ৷ সম্প্ৰতি ৰাইজে দলং খন পাই অৰুপ কুমাৰ নাথক ধন্যবাধ জনোৱাৰ লগতে আনন্দিত হৈ পৰিছে ৷
লগতে পঢ়কঃ খালী চকীৰ সন্মুখত চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষণ