চিৰাঙ, ২ মাৰ্চ: শনিবাৰে চিৰাঙত পুৱাৰ ভাগত কাশিকত্ৰা-বাসুগাঁও পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা । নতুন নম্বৰপ্লেট বিহীন পালছাৰে তীব্ৰবেগত AS15J-6197 নম্বৰৰ ২২০ এভেঞ্জাৰ বাইকখনত খুন্দা মৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । ইপিনে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচত গুৰুতৰ ভাৱে আহত আটাইকেইজনকে স্থানীয় লোকে কাজলগাঁৱৰ জেএচ বি অসামৰিক চিকিৎসালয়লৈ নিয়ে । পাচত পৰমেশ্বৰ বসুমতাৰী নামৰ যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে বঙাইগাঁৱৰ নাৰ্চিং হোমলৈ স্থানান্তৰ কৰিছিল যদিও চিকিৎসকে তেওঁক নিহত বুলি ঘোষণা কৰে । আনহাতে আন দুজনৰ অৱস্থা এতিয়াও সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে নিহত পৰমেশ্বৰ বসুমতাৰীবাসুগাঁও হায়াৰ ছেকণ্ডাৰী স্কুলৰ ছাত্ৰ আছিল । ইপিনে শনিবাৰে নিহত পৰমেশ্বৰে মেট্ৰিক পৰীক্ষা দিবলৈ ঘৰৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ গৈ থকা অৱস্থাত আৰু আহত আন দুজনে বঙাইগাঁও শোধনাগাৰলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয় ।