চিৰাং, ২৬ মাৰ্চ: বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৩৩নং বিজনী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে ।
বৃহস্পতিবাৰে চিৰাঙৰ বিজনী বিধানসভা সমষ্টিত দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে প্ৰাৰ্থীগৰাকীয়ে । অনুষ্ঠানটোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত বহু লোক উপস্থিত থাকে ।
ৰাইজৰ ওচৰত সেৱা লৈ আশীৰ্বাদ কৰিবলৈ আহ্বান জনায় ৰূপম কুমাৰ দাস । সমষ্টিটোত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:নিৰ্বাচনী হিংসা: দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে চিপিআই(এম)ৰ কাৰ্যালয়