ETV Bharat / state

পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা

author img

By

Published : Jun 25, 2021, 9:27 AM IST

চিৰাঙৰ বাসুগাঁও পৌৰসভা গঠনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । মিত্ৰজোঁট বিজেপি-ইউপিপিএলৰ মাজত পৌৰ সভাৰ সভাপতি পদক লৈ টনা-আঁজোৰা । অসুবিধাৰ সন্মুখীন সাধাৰণ জনতা ।

পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা
পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা

চিৰাং, 25 জুন : চিৰাঙৰ বাসুগাঁও পৌৰসভা গঠনক লৈ মিত্ৰজোঁট বিজেপি-ইউপিপিএলৰ (BJP-UPPL)মাজত টনা-আঁজোৰা । উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা পৌৰসভাখন ভংগ হৈ থকাৰ পাচতো আজিও পুনৰ গঠন হোৱা নাই । বিটিচি নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ যোৱা বছৰ লক ডাউনৰ পূৰ্বেই ভংগ কৰা হৈছিল বিটিচিৰ সকলো পৌৰসভা ।

সম্প্ৰতি বিটিচি নিৰ্বাচন শেষ হৈ বিটিআৰ পৰিষদ গঠন হ’ল, অসম বিধান সভা নিৰ্বাচন সমাপ্ত হৈ অসমত নতুন চৰকাৰ গঠন হ’ল কিন্ত গঠন নহ’ল বাসুগাঁও পৌৰসভা । মনকৰিবলীয়া যে, চিৰাং জিলাৰ তিনিটা পৌৰসভাৰ কাজলগাঁও আৰু বিজনী পৌৰসভা গঠন হৈ কাম চলাই গৈছে ৷ কেৱল মাত্ৰ বাসুগাঁও পৌৰসভা গঠন হোৱা নাই কাৰণ মিত্ৰজোঁট বিজেপি-ইউপিপিএলৰ মাজৰ পৌৰসভাৰ সভাপতি-ৱাৰ্ড কমিচনাৰ লৈ চলিছে টনা-আঁজোৰা ।

যাৰ ফলত চাৰিটা ৱাৰ্ড লৈ গঠিত বাসুগাঁও পৌৰসভাৰ জনসাধাৰণে চৰকাৰী আঁচনিকে আদি লাভ কৰাকে আদি কৰি বিভিন্ন দিশত সন্মুখীন হ’বলগীয়া হৈছে অসুবিধাৰ । উল্লেখযোগ্য যে, চিদলী ৰাজহ চক্ৰ বিষয়া জগদিশ ব্ৰহ্ম কাৰ্যবাহী বিষয়া হিচাপে আছে যদিও তেওঁ সময় দিব নোৱাৰাত বিপাঙত পৰে ৰাইজ । যাৰবাৰে বাসুগাঁও পৌৰসভাৰ কামৰ বাবে ৰাইজ যাবলগীয়া হয় চিদলীলৈ ।

সম্প্ৰতি বাসুগাঁও বাসীয়ে বিচাৰিছে অতি শীঘ্ৰেই পৌৰসভাখন গঠন হওক আৰু ৰাইজৰ উন্নয়ণমূলক কাম হওঁক । অসমৰ সকলো ঠাইত অৰুণোদয় আঁচনি ৰূপায়ণ হৈছে যদিও বাসুগাঁও পৌৰ সভাত কোনো কামেই হোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ কিয়নো আজিলৈকে পৌৰসভাৰ পৰিচালনা সমিতিয়ে গঠন হোৱা নাই ।

বিশেষ সূত্ৰৰপৰা জানিব পৰা মতে, যিহেতু চিৰাঙৰ বিজনী আৰু কাজলগাঁও পৌৰসভা ইউপিপিএলৰ দখলত গতিকে বাসুগাঁও পৌৰসভা বিজেপিয়ে বিচাৰিছে ৷ সেই অনুপাতে বিশ্বজিৎ বৰ্মনক সভাপতি আৰু ১নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ভাস্কৰ মণ্ডল, ২ নং ৱাৰ্ড কমিচনাৰ ৰূপক দাস, ৩নং ৱাৰ্ড কমিচনাৰ ৰিতা তালুকদাৰ(হালদাৰ) আৰু ৪ নং ৱাৰ্ড কমিচনাৰ সুজিত দেৱনাথক লৈ পৰিচালনা সমিতি গঠন কৰি যোৱা ১২ জুনত চিৰাং জিলা বিজেপিয়ে ইউপিপিএল (UPPL)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকক অৰ্পণ কৰিছে যদিও কাৰ্যতঃ আজিকোপতি পূৰ্ণ পৰ্যায়ত গঠন হৈ নুঠিল বাসুগাঁও পৌৰসভা ।

লগতে পঢ়কঃ Mother Old Age Home-ৰ দায়িত্ব ল’বলৈ সাজু ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.