ETV Bharat / state

চিৰাঙত শুকুৰবাৰৰ পৰা তিনিদিনীয়া লকডাউন

শুকুৰবাৰৰ পৰা তিনিদিনৰ বাবে চিৰাঙৰ বাসুগাঁৱত সম্পূৰ্ণ লক ডাউনৰ আহ্বান স্থানীয় লোক তথা দল-সংগঠনৰ । সাম্প্ৰতিক সময়ত কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ।

author img

By

Published : May 20, 2021, 4:48 PM IST

Corona Virus
চিৰাঙত শুকুৰবাৰৰ পৰা তিনিদিনীয়া লকডাউন

চিৰাং, ২০ মে' : সাম্প্ৰতিক সময়ত কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে চিৰাং জিলাৰ বাসুগাঁৱত জিলাখনৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হয় । গাঁওখনত শেহতীয়াকৈ কৰ'ণাৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে গাঁওবাসী । চাৰিটা ৱাৰ্ডযুক্ত চহৰখনত যাতে পুনৰাই ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি নাপায় তাৰ বাবে ৰাইজৰ লগতে সংগঠন আৰু ব্যৱসায়ীসকলে চহৰখনত সম্পূৰ্ণ লক ডাউন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

চিৰাঙত শুকুৰবাৰৰ পৰা তিনিদিনীয়া লকডাউন

জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতা আৰু ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৰাইজৰ স্বাৰ্থত ছাত্ৰ সংগঠন এবছু, আক্ৰাছু, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন, সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচন, আমছু, এবিএমছু, বাসুগাঁও ব্যৱসায়ী সন্থা আৰু বাসুগাঁও দোকানী সন্থাৰ যৌথ সিদ্ধান্ত মৰ্মে অহা শুকুৰবাৰৰ পৰা দেওবাৰলৈ তিনিদিনলৈ সম্পূৰ্ণ বাসুগাঁও চহৰত লক ডাউন ঘোষণা কৰিছে । এই সন্দৰ্ভত সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সভাপতি শুভ মজুমদাৰে ৰাইজৰ ভৱিষ্যত স্বাৰ্থৰ বাবে উমৈহতীভাৱে লক ডাউনৰ কাৰ্যসূচী লোৱাৰ কথা সদৰি কৰাৰ লগতে এই ক্ষেত্ৰত জিলা প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনায় ৷

সংগঠনটোৰ যুৱ নেতা শুভ মজুমদাৰে বাসুগাঁও চহৰ অঞ্চলত কৰ'ণা ৰোগীৰ সংখ্যা মাত্ৰাধিক হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন অথবা চৰকাৰলৈ বাসুগাঁও চহৰত অতি সোনকালে এটা ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰি ৰোগীসকলৰ স্বাস্থ্য সেৱা চলাই নিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰ্ছিং সাম্ভাজিৰ কাৰ্যভাৰ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.