ETV Bharat / state

চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ উদ্যোগত সজাগতা সভা

author img

By

Published : Sep 7, 2019, 3:35 PM IST

চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ উদ্যোগত ছাপাগুৰিত অনুস্থিত কৰা হয় এখনি সজাগতা সভা৷ ড্ৰাগছ, জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক প্ৰদূষণ, স্বচ্ছ ভাৰত অভিযান আৰু যান-বাহন সংশোধিত বিল ২০১৯ আদিৰ দৰে কেইবাটাও বিষয় আলোচনা কৰা হয় উক্ত সভাত৷

চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ উদ্যোগত সজাগতা সভা

চিৰাং, 7 চেপ্তেম্বৰঃ চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ উদ্যোগত ছাপাগুৰিত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা৷ ড্ৰাগছ, জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক প্ৰদূষণ, স্বচ্ছ ভাৰত অভিযান আৰু যান-বাহন সংশোধিত বিল ২০১৯ আদিৰ দৰে কেইবাটাও বিষয় আলোচনা কৰা হয় উক্ত সভাত৷ কাজলগাঁও পৌৰসভাৰ সভাপতি পানীৰাম ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত আৰু ছাপাগুৰিৰ সমাজকৰ্মী সুকুমাৰ বসুমতাৰীয়ে পৰিচালনা কৰা সজাগতা সভাখনত চিৰাং জিলাৰ সহকাৰী আয়ুক্ত ৰিংখাং মুছাহাৰীও উপস্থিত থাকে৷ চিৰাং জিলাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া সমেশ্বৰ মুছাহাৰীয়ে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা যান-বাহন আইন ২০১৯ সম্পৰ্কে অৱগত কৰি সকলোকে সচেতন হ'বলৈ আহ্বান জনায়৷ উক্ত সভাত নতুন যান বাহন আইন সজাগতাৰ লক্ষ্যৰে গোহাৰি পত্ৰও বিতৰণ কৰা হয়৷

Intro:চিৰাঙৰ কাজলগাঁও পৌৰসভাৰ উদ্যোগত ছাপাগুৰিত কে'বাটাও বিষয়ৰ সজাগতা সভা । প্লাষ্টিক মুক্ত,ড্ৰাগছ মুক্ত আৰু স্বচ্ছতাৰে সমাজ গঢ় দিয়াৰ সজাগতা ।

Body: চিৰাং জিলাৰ কাজলগাঁও পৌৰসভাৰ উদ্যোগত আজি বিয়লি ড্ৰাগছ, জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক প্ৰদূষণ, স্বচ্ছ ভাৰত অভিযান আৰু যান-বাহন সংশোধিত বিল ২০১৯ সন্দৰ্ভত কে'বাটাও বিষয়ৰ ওপৰত এক নম্বৰ ছাপাগুৰিত এক সজাগতা সভা অনুষ্ঠিত হয় ৷ কাজলগাঁও পৌৰসভাৰ সভাপতি পানীৰাম ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত আৰু ছাপাগুৰিৰ সমাজকৰ্মী সুকুমাৰ বসুমতাৰীয়ে পৰিচালনা কৰা সজাগতা সভাত চিৰাং জিলাৰ সহকাৰী অায়ুক্ত ৰিংখাং মুছাহাৰীয়ে সম্প্ৰীতি যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ সেৱনৰ প্ৰতি আসক্তি বঢ়া কাৰ্যত উদ্বেগ প্ৰকাশ কৰি এই সন্দৰ্ভত তেওঁ মাতৃ সমাজক এই বিষয়ত বিশেষভাৱে নজৰ দি যুৱক সকলক সুপথত ঘূৰাই অনাত আগভাগ ল'বলৈ আহ্বান জনায় ৷ তেওঁ আমাৰ পৰিৱেশ প্লাষ্টিক ব্যৱহাৰৰ ফলত ক্ৰমান্বয়ে ভয়াৱহতাৰ দিশে গতি কৰাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্লাষ্টিক সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত সচেতনতা, ইয়াক বৰ্জন কৰাৰ বাবে আহ্বান জনোৱাৰ প্ৰতি লক্ষ্য কৰি কাজলগাঁও পৌৰসভা এলেকাতো বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান, নলা আদিত সৃষ্টি কৰা অাৱৰ্জনাৰ প্ৰতি সচেতন হোৱাৰ লগতে প্লাষ্টিক বৰ্জন কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ তেঁও ৰাইজক স্বচ্ছতা বজাই ৰাকিবলৈও আহ্বান জনায় ৷ সজাগতা সভাত অংশ লৈ বঙাইগাঁও জিলা পৰিবহন বিষয়া দিব্যজ্যোতি নেওগে চিৰাং আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া ছাপাগুৰী, ৰোলিং মিল এলেকাত অটো, টেম্পৰ আস্থান পৃথক হৈ থকাৰ ফলত দীৰ্ঘদিন ধৰি ৰাইজে যাতায়াত ব্যৱস্থাত সমস্যাৰ সন্মুখীন হৈ অহাত শেহতীয়াভাৱে দুই জিলাৰ প্ৰশাসনে মিলিতহৈ এক নম্বৰ ছাপাগুৰিত অটো, টেম্পৰ বাবে আস্তান খোলাৰ পোষকতা কৰি আজি এই আস্থান মুকলি কৰাত সন্তোষ প্ৰকাশ কৰে ৷ দীৰ্ঘদিনে পথৰ ওপৰতে ছাপাগুৰি-উত্তৰ শালামাৰা বীৰ চিলাৰায় পথৰ ওপৰত ৰোলিং মিলৰ সন্মুখত আস্থান স্থাপনত ভীষণ যান-জংটৰ সৃষ্টি হৈছিল ৷ চিৰাং জিলাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া সমেশ্বৰ মুছাহাৰীয়ে সবাত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰা যান-বাহন আইন ২০১৯ সম্পৰ্কে অৱগত কৰি যান বাহন আইন উলংঘা কৰা সকলে এতিয়াৰে পৰা কিমান পৰিমাণৰ জৰিমণা ভৰিব লাগিব তাক উল্লেখ কৰাৰ লগতে ইয়াৰ বাবে সকলোকে সচেতন হ'বলৈ আহ্বান জনায় ৷ সভাত নতুন যান বাহন আইন সজাগতাৰ লক্ষ্যৰে গোহাৰি পত্ৰও বিতৰণ কৰা হয় ৷ যথেষ্ট সংখ্যক পুৰুষ-মহিলা উপস্থিত থকা সভাত সমাজ কৰ্মী সম্ভুচৰণ বৰ্মণ সন্মানীয় অতিথি হিচাৰে উপস্থিত থাকে ৷ সভাৰ শেষত সভাস্থলীৰ কাষত চিৰাং আৰু বঙাইগাঁও জিলাৰ অটো, টেম্পৰ এক আস্থান মুকলি কৰে কাজলগাঁও পৌৰসভাৰ সবাপতি পানীৰাম ব্ৰহ্মই ৷

বাইট : পানীৰাম ব্ৰহ্ম,সভাপতি কাজলগাঁও পৌৰ সভা ।

Conclusion:চিৰাং জিলা সদৰ সাঙুৰি থকা কাজলগাঁও পৌৰ সভা অঞ্চলত প্লাষ্টিক মুক্ত কৰিবলৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে । এই ক্ষেত্ৰত সকলো লোকৰ সহযোগিতা বিচাৰিছে প্ৰশাসনে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.