চিৰাং, ৭ ফেব্ৰুৱাৰী: ৬-১৮ ফেব্ৰুৱাৰীলৈকে চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত বস্ত্ৰমেলা । বিজনী বি ডি এচ ক্ৰীড়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মেলাৰ শুভ উদ্বোধন কৰে বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে । অতিমাৰী কৰ'ণা ভাইৰাছৰ বাবে বিগত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এই বস্ত্ৰমেলাখনি চলিত বৰ্ষৰ ৬-১৮ ফেব্ৰুৱাৰীলৈকে ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ।
ভিন্ন জনগোষ্ঠীৰ গীত-নৃত্য আদিৰে শনিবাৰে এই অনুষ্ঠানৰ মুকলি কৰা হয় । বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰ আৰু ভিন্ন সমাগ্ৰীৰ বিপনী এই মেলাত অংশগ্ৰহন কৰিছে । লগতে গ্ৰাহকৰো ব্যাপক ভিৰ পৰলক্ষিত হয় ।
বি টি আৰৰ ক্ষুদ্ৰ উদ্যোগসমূহ আমি সকলোৱে জীয়াই তোলাৰ উদ্যেশ্যে কাম কৰিব লাগিব বুলি কয় বসুমতাৰীয়ে । বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত খিলঞ্জীয়া জনজাতীয় লোকসকলক নিজৰ জনগোষ্ঠীয় সাজ-পাৰ, তাঁতশাল আদি সজীৱ কৰি ৰখাৰ বাবে অনুৰোধ জনায় গোবিন্দ বসুমতাৰীয়ে । বসুমতাৰীৰ লগতে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দলৈ, বিশিষ্ট আমন্ত্ৰিত অতিথিসকলৰ উপৰিও বিজনীবাসী উপস্থিত থাকে ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন ঘুৰাই পঠিয়ালে আটছাই