চিৰাং, 11 জুলাইঃ চিৰাঙত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে বানে । বৃহস্পতিবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত আমিনপাৰা আৰু গোৰসিং পাৰা গাঁও দুখন ভূটানৰ পৰা নামি অহা বাঢ়নী পানীৰ ফলত জলমগ্ন হৈ পৰে ৷
বানত আবদ্ধ হৈ থকা লোকসকলক ৰুণীখাতাত থকা ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণডিভিজনৰ জোৱানসকলে উদ্ধাৰ অভিযান চলোৱাৰ লগতে সহায়-সহযোগিতা আগবঢ়ায় ৷