ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Feb 19, 2021, 12:56 PM IST

মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত কৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

চিৰাং,19 ফেব্ৰুৱাৰীঃ মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে বিক্ষোভ সমাৱেশ চিৰাঙত । বৃহস্পতিবাৰে চিৰাং জিলাত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে কাজলগাওঁৰ পৰা সমদল উলিয়ায় চিৰাং জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ সমাৱেশ ৰূপায়ন কৰে । CITU জিন্দাবাদ, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত কৰণ নচলিব, এনজিও গ’ বেগ, আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ কাম নাই আদি শ্ল’গানেৰে চিৰাং জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সন্মুখত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ চিৰাং জিলা সভানেত্ৰী গৰাকীয়ে কয় যে, চৰকাৰে আমাক বিভিন্ন দিশত বঞ্চিত কৰি আহিছে ৷ আমাৰ দাবী সমূহ চৰকাৰে গ্ৰহণ নকৰিলে আমি অনাগত দিনত ইয়াতকৈ ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে সাজু আছো বুলি উল্লেখ কৰে ।

মৰিগাঁও,19 ফেব্ৰুৱাৰীঃ দৰমহা বৃদ্ধিৰ দাবীত মৰিগাঁৱত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ মৰিগাঁও জিলা সমিতি উদ্যোগত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ । দৰমহা নাপাই বিদ্যালয়ত ভাত ৰান্ধিবলৈ এৰি ৰাজপথত প্ৰতিবাদত নামি পৰিছে মধ্যাহ্ন ভোজন ৰান্ধনি সকল । কেৱল প্ৰতিবাদ কৰাই নহয় হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন আদি লৈ বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাৱ্যস্ত কৰে । জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে । আনহাতে ৰান্ধনি সকলৰ দাবী মানি নল’লে আগন্তুক বিধান সভাৰ নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ সকিয়নী প্ৰদান কৰিলে এইসকল প্ৰতিবাদকাৰী ৰান্ধনিয়ে ।

লগতে পঢ়কঃ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.